নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বাংলা ইটাভাতাৰ বিৰুদ্ধে যুদ্ধংদেহি ৰূপত এছডিচি

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ কামৰূপৰ নগৰবেৰাত অবৈধ বাংলা ইটাৰ বিৰুদ্ধে ৰাজহ চক্ৰ কাৰ্যালয়ৰ দলে আজি এক উচ্ছেদ অভিযান চলায়। ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত কালুবাৰী গাঁৱৰ পাছফালে থকা তিনি/চাৰি স্থানত ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰে আৰক্ষীৰ সহযোগত এই উচ্ছেদ অভিযান চলায়। উচ্ছেদ কাৰ্যত কাননগো, লাটমণ্ডল আৰু গাঁওবুঢ়াসকলেও সহযোগ কৰে। দুখনকৈ জেচিবি লগাই জ্বলি থকা ইটাভাতা ভঙাৰ উপৰি কেঁচা ইটাও ভালেখিনি নষ্ট কৰা হয়। ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বনশ্ৰী মালাকাৰে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰতিবছৰে এই অবৈধ ব্যৱসায় বন্ধ কৰাৰ বাবে প্ৰশাসনে সকীয়াই থকা সত্বেও একাংশই হকাবধা নুশুনি অবাধ গতিত ৰমৰমীয়া বাংলা ইটাভাতাৰ ব্যৱসায় চলাই আহিছে। তেনেস্থলত এইবাৰ বিষয়াগৰাকীয়ে আজিৰে পৰা আৰম্ভ হোৱা এই অভিযান থমকি লৰয় বুলি কৈ নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনত এটা অবৈধ ইটাভাতা থকালৈকে এই অভিযান অব্যাহত ৰ’ব বুলিও মন্তব্য কৰে। ঘোষণা কৰা ধৰণে আগলৈ ৰাজহ চক্ৰ কাৰ্যালয়ৰ এই অভিযান কিমান সফলকাম হয়, সেয়াহে হ’ব সকলোৰে বাবে লক্ষণীয়।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like