🔴শিক্ষাৰ্থীক সপোন-আকাংক্ষা পূৰণত মনোনিৱেশ কৰাৰ আহবান
বাৰ্তা ডিজিটেল ডেস্ক, ২১ ডিচেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বেতকুছিস্থিত ৰয়েল গ্লবেল ইউনিভাৰ্চিটীত অনুষ্ঠিত এক কার্যসূচীত বিশ্ববিদ্যালয়খনৰ জি, এইচ আৰু আই একাডেমিক ব্লকৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে অত্যাধুনিক সুবিধা বিশিষ্ট এই একাডেমিক ব্লক আঠ মাহৰ ভিতৰতে সম্পূর্ণ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শৰ্মাই এই ভ্রমণকালত শৈক্ষিক পৰিৱেশ বিকশাই তোলাৰ ক্ষেত্রত বিশেষ গুৰুত্ব দি গঢ়ি তোলা চতুর্থ মহলাও পৰিদর্শন কৰে৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই এই নতুন একাডেমিক ব্লক নির্মাণ কৰাৰ বাবে ৰয়েল গ্লবেল ইউনিভাৰচিটি কর্তৃপক্ষক অভিনন্দন জনায়৷ তেওঁ কয় যে এই অত্যাধুনিক একাডেমিক ব্লকটোৱে ছাত্র-ছাত্রীসকলৰ শৈক্ষিক আকাংক্ষা পূৰণত সহায়ক হৈ উঠিব৷ তেওঁ লগতে কয় যে এই শৈক্ষিক ভৱনত থকা সুবিধাসমূহে ছাত্র-ছাত্রীসকলৰ মানসিক উৎকর্ষ সাধন কৰা আৰু তেওঁলোকৰ সপোনক বাস্তৱায়িত কৰাৰ দিশতো নিশ্চিতভাৱে প্রভাৱ পেলাব৷ ভাৰত এখন যুৱ প্রজন্মৰ দেশ বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ছাত্র-ছাত্রীসকলে দেখুওৱা গুণগত মানৰ ওপৰতে ৰাষ্ট্রৰ ভৱিষ্যৎ নির্ভৰশীল৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে অভিজ্ঞ অধ্যাপকসকলকে ধৰি শক্তিশালী আন্তঃগাঁথনি তথা শৈক্ষিক সুবিধা থকা ৰয়েল গ্লবেল ইউনিভাৰচিটিয়ে কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্ণিং, ব্লক চেইন, বীগ ডাটা এনালাইছিচ, মোবাইল ইণ্টাৰনেট, ইণ্টাৰনেট অৱ থিংছ আদিৰ দৰে শেহতীয়া প্রযুক্তিগত দিশসমূহ আয়ত্ত কৰাৰ দিশত ছাত্র-ছাত্রীসকলক অধিক আগ্রহী কৰি তুলিব লাগিব৷ ইয়াৰ ফলত ছাত্র-ছাত্রীসকলে বর্তমানৰ পৃথিৱীখনৰ মুখামুখি হবলৈ দক্ষ হৈ পৰিব বুলিও তেওঁ কয়৷ ভাৰতক বিশ্বগুৰু হিচাপে পৰিগণিত কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলোৱা প্রচেষ্টাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই ভাৰতীয় সংস্কৃতিৰ আধাৰত নিজকে বিকশাই তোলাৰ বাবে ছাত্র-ছাত্রীসকলক আহবান জনায়৷ সংস্কাৰ আৰু সংস্কৃতিৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে মানৱ সম্পদত অতিশয় চহকী ভাৰতবর্ষই মূল্যবোধৰ ভিত্তিত মানৱ সম্পদ বিকাশৰ দিশত বিশ্বৰ অন্যান্য ৰাষ্ট্রসমূহলৈও গুৰুত্বপূর্ণ অৰিহণা আগবঢ়াব পাৰে৷ তেওঁ ছাত্র-ছাত্রীসকলক সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিকভাৱে শক্তিশালী হৈ বিকশিত ভাৰত গঢ়াৰ দিশত অৰিহণা আগববালৈও আহবান জনায়৷ মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ছাত্র জীৱনেই হৈছে জীৱনৰ আটাইতকৈ গঠনমূলক সময়৷ তেওঁ ছাত্র-ছাত্রীসকলক নিজৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে আত্মবিশ্বাস আৰু আত্মনিয়ন্ত্রণ ৰক্ষা কৰি লক্ষ্যত উপনীত হবলৈও কয়৷ তেওঁ লগতে কয় যে ছাত্র-ছাত্রীসকলে সদায়ে তেওঁলোকৰ পৰিয়ালৰ সামূহিক আকাংক্ষাক প্রতিনিধিত্ব কৰে৷ মুখ্যমন্ত্রীয়ে সুস্থ চৰিত্র গঢ়ি তুলি সকলোধৰণৰ নেতিবাচক দিশৰ পৰা আঁতৰি থাকি নিজৰ সপোনক বাস্তৱায়িত কৰিবলৈও কয়৷ প্রতিগৰাকী ছাত্রই নিজৰ নির্বাচিত ক্ষেত্রত সফলতা লাভ কৰিবলৈ প্রয়াস চলাব লাগিব বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে বিদ্যার্থী সমাজে নিজকে উপযুক্ত মানৱ সম্পদ হিচাপে গঢ়ি তুলি দেশ তথা ৰাজ্যলৈ ইতিবাচক অৰিহণা আগবঢ়াব লাগিব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই ৰয়েল গ্লবেল ইউনিভাৰচিটিৰ পৰিচালনা সমিতি তথা শিক্ষক সমাজক প্রকৃত মানৱ সম্পদ গঢ়াৰ দিশত অধিক দৃতাৰে কাম কৰিবলৈ আহবান জনায় যাতে সমাজে গৌৰৱবোধ কৰিব পৰা মানৱ সম্পদৰ সৃষ্টি হব৷ মুখ্যমন্ত্রী ড০ শৰ্মাই লগতে কয় যে বিদ্যার্থী সমাজে তেওঁলোকৰ ক্ষেত্রসমূহত উজলি উঠিব পৰাকৈ শক্তিশালী শৈক্ষিক বাতাবৰণ গঢ়ি তুলিব লাগিব৷ ৰয়েল গ্লবেল ইউনিভাৰচিটিৰ আচার্য ড০ এ কে পানচাৰী, উপাচার্য অধ্যাপক এছ পি সিঙে ভাষণ প্রদান কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ শিক্ষাগুৰু, ছাত্র-ছাত্রী আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷