নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : গহপুৰ মহকুমাৰ নয়াঘগৰা চাহ বাগিচাৰ চেঙাইগাঁওস্থিত উত্তৰ গহপুৰ হাইস্কুলত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা ৰূপায়িত পুথিভঁৰাল সেৱা আঁচনিৰ এটি পুথিভঁৰালৰ নিৰ্মাণকাৰ্য ২১ ডিচেম্বৰত গহপুুুৰৰ নয়াঘগৰাৰ চাহ বাগিচাৰ এখন বিদ্যালয়ত ৰূপায়ণ কৰা হয়। চাহ বাগিচাৰ গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খন অসম চৰকাৰৰ শৈক্ষিক উত্তৰণৰ কাৰণে ১৬ লাখ টকা পুথিভঁৰাল নিৰ্মাণৰ বাবে দিয়া টকা লাভ কৰিছে৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক বিপুল নেওগে আঁত ধৰা গৃহ নিৰ্মাণ অনুষ্ঠানত সোলেঙী গাঁও পঞ্চায়তৰ সভাপতি বিপুল বৰা, বিদ্যালয়ৰ উন্নয়ন কমিটীৰ পৰিচালনা সমিতিৰ সভাপতি উপেন্দ্ৰ নাৰায়ণ গোস্বামী, বিদ্যালয়ৰ পৰিচালনা সমিতি, বিদ্যালয়ৰ মাতৃগোট, স্থানীয় ৰাইজ, ছাত্ৰ একতা সভাৰ সদস্যসকল, ছাত্ৰ একতা সভাৰ সভাপতি ৰঞ্জন কাকতি আৰু শিক্ষক আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
প্ৰেৰক বিপুল কুমাৰ দিহিঙীয়া