🔹 জাহ গ’ল কেইবালাখ টকাৰ সা-সম্পত্তি
নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰ : চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বালিখেতীয়া গাঁৱৰ তথা ঐতিহাসিক ধোদৰ আলিৰ সমীপৰ এজন বাৱসায়ীৰ ঘৰত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত প্ৰথম মহলটি সম্পূৰ্ণ ৰূপে জুইত জাহ য়ায়। জানিব পৰা মতে, আজি পুৱা প্ৰায় ৯.৪৫ বজাত পশ্চিম বালিখেতীয়া গাঁও নিৱাসী দণ্ডেশ্বৰ ফুকনৰ ঘৰৰ পথ মহলাটোত শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয়। ঘৰৰ ওপৰৰ মহলাত পৰিয়ালৰ কোনো লোক থকাৰ পৰিৱৰ্তে তেওঁলোকৰ টেণ্ট হাউছ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বয়বস্তু ৰাখিছিল। শ্বৰ্ট চাৰ্কিটৰ ফলত টেণ্ট হাউছৰ বাবে ৰখা কাৰ্পেট, কাপোৰ আদিত জুই লাগে । ঘৰৰ প্ৰথম মহলাত জুইৰ সূত্ৰপাত হয়, সেইবাবে প্ৰথম অৱস্থাত কোনো লক্ষ্য কৰা নাছিল যদিও ধোঁৱা দেখি দণ্ডেশ্বৰ ফুকনৰ সৰু পুত্ৰ গিৰিজা ফুকনে ওপৰলৈ উঠি কাৰ্পেট-কাপোৰ আদিত দপদপাই জুই জ্বলি থকা দেখি চিঞৰ-বাখৰ কৰাত ওপৰ-চুবুৰীয়া আহি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ওপৰৰ মহলা হোৱাত জুই নুমুৱাবলৈ চেষ্টা কৰিও সক্ষম নহয়। স্থানীয় ৰাইজে সাপেখাতী আৰক্ষীক খবৰ দিয়াৰ লগতে চৰাইদেউৰ ৰজাপুখুৰীস্থিত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াত ততাতৈয়াকৈ ঘটনাস্হলীত উপস্থিত হৈ জুই নুমুওৱাৰ চেষ্টা কৰে যদিও গৃহৰ ওপৰ মহলাটো সম্পূৰ্ণ জুইত জাহ য়ায়। টেণ্ট হাউছৰ ব্যৱসায়ী দণ্ডেশ্বৰ ফুকনৰ শ্বৰ্ট চাৰ্কিটৰ ফলত প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি নষ্ট হয়। উল্লেখযোগ্য যে সাপেখাতী অঞ্চলৰ প্ৰতিটো দল-সংগঠনে এটি অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন কৰিবলৈ বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কোনো কাণসাৰ নাই । সাপেখাতী অঞ্চলত এটি অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপন কৰিবলৈ দাবী জনাইছে ৰাইজে।
প্ৰেৰক ৰাজীৱ কলিতা