🔹 উত্তৰ কমলাবাৰী সত্রত বৈঠক–গড়মূৰত ৰাজহুৱা সভা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ডিচেম্বৰ : বৈষ্ণৱ সংস্কৃতিৰ প্রাণকেন্দ্র মাজুলীত এতিয়া প্রৱাহিত হৈছে কেৰ’লৰ ধ্বনি৷ খ্রীষ্টমাছ উপলক্ষে নদীদ্বীপটোত আৰম্ভ হৈছে বিশেষ প্রস্তুতি৷ সত্র সংস্কৃতিৰ হূদপিণ্ডস্বৰূপ মাজুলীত খ্রীষ্টান ধর্মৰ এনে আগ্রাসনক লৈ চলি থকা চর্চাৰ মাজতে তিনিদিনীয়া কার্যসূচীৰে ২৭ ডিচেম্বৰত নদীদ্বীপৰ পৱিত্র ভূমিত উপস্থিত হ’ব ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ড০ মোহন ভাগৱত৷ প্রণিধানযোগ্য যে মাজুলীত ক্রমাৎ খ্রীষ্টান ধর্মৰ আগ্রাসন বৃদ্ধিৰ বিষয়টোৱে দীর্ঘদিন ধৰি বিতর্কৰ সৃষ্টি কৰি আহিছে৷ সত্র সংস্কৃতিৰ প্রাণকেন্দ্রস্বৰূপ নদীদ্বীপটোত ১২ মাহে নাম–কীর্তনৰ যি ধ্বনি প্রৱাহিত হৈ থাকে, তাক যেন শেহতীয়াকৈ কেৰ’লৰ ধ্বনিয়ে ম্লান কৰিবলৈ চেষ্টা কৰিছে৷ এনে চর্চা আৰু বিতর্কৰ মাজতে অহা ২৭ ডিচেম্বৰত নদীদ্বীপটোত উপস্থিত হ’ব ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ সৰসংঘচালক ড০ মোহন ভাগৱত৷ তিনিদিনীয়াকৈ সত্রনগৰীখন ভ্রমণ কৰিবলগীয়া ড০ মোহন ভাগৱতে অহা ২৮ ডিচেম্বৰত উত্তৰ কমলাবাৰী সত্রত সত্রাধিকাৰ আৰু ধর্মগুৰুৰে এক বৈঠকত মিলিত হ’ব৷ আনহাতে, ২৯ ডিচেম্বৰত গড়মূৰত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰিব আৰএছএছপ্রধানগৰাকীয়ে ৷ উল্লেখ্য যে ড০ মোহন ভাগৱতৰ আগমনক কেন্দ্র কৰি উজনি অসমৰ আৰএছএছৰ প্রতিনিধিসকলে আৰম্ভ কৰিছে বিশেষ তৎপৰতা৷ বিশেষকৈ মাজুলীত খ্রীষ্টান ধর্মৰ ব্যাপক আগ্রাসনক প্রতিৰোধ কৰাৰ ক্ষেত্রত একাংশই আৰএছএছৰ সবল ভূমিকাক লৈও বিভিন্ন দিশ উত্থাপন কৰি আহিছে৷ এনে সময়ছোৱাত ড০ মোহন ভাগৱতৰ মাজুলী আগমনে স্বাভাৱিকতে বিশেষ তাৎপর্য বহন কৰিছে৷