নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাশ্মীৰত প্রাক্তন আৰক্ষী বিষয়াক গুলীয়াই হত্যা

🔹 আজান দিয়াৰ সময়ত মছজিদৰ ভিতৰতে আক্রমণ সন্ত্রাসবাদীৰ

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : কাশ্মীৰত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়াক গুলী কৰি হত্যা কৰিছে সন্ত্রাসবাদীয়ে৷ আজি পুৱা মছজিদত আজান দিয়াৰ সময়ত সন্ত্রাসবাদীৰ গুলীত নিহত হয় বিষয়াগৰাকী৷ জম্মু–কাশ্মীৰৰ বাৰামুলা জিলাত সংঘটিত হৈছে এই ঘটনা৷ নিহত প্রাক্তন আৰক্ষী বিষয়াৰ নাম মহম্মদ চাফী মীৰ৷ কাশ্মীৰ আৰক্ষীৰ জ্যেষ্ঠ অধীক্ষক পদত আছিল মীৰ৷ আজানৰ সময়ত মছজিদৰ ভিতৰতে সন্ত্রাসবাদীয়ে মীৰক গুলীয়াই হত্যা কৰে৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে সমগ্র অঞ্চলটো ঘেৰি পেলাইছে৷ সন্ত্রাসবাদীক বিচাৰি অভিযানো তীব্রতৰ কৰিছে আৰক্ষীয়ে৷ যোৱা মাহতো অনুৰূপ ঘটনা সংঘটিত হৈছিল কাশ্মীৰত৷ শ্রীনগৰৰ এটা মছজিদৰ ওচৰতে আৰক্ষী পৰিদর্শক এগৰাকীক লক্ষ্য কৰি সন্ত্রাসবাদীয়ে গুলী চলাইছিল৷ গুৰুতৰভাৱে আহত হৈছিল আৰক্ষী বিষয়াগৰাকী৷

You might also like