নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাষণ দি থকা অৱস্থাতে হূদৰোগত মৃত্যু আইআইটিৰ অধ্যাপকৰ

বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : ভাষণ দি থকাৰ সময়তে হূদৰোগত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে আইআইটি কানপুৰৰ এগৰাকী অধ্যাপকে৷ মৃত অধ্যাপকগৰাকীৰ নাম সমীৰ খাণ্ডেকাৰ৷ বিশ্ববিদ্যালয়ৰ অডিট’ৰিয়ামত প্রাক্তন শিক্ষার্থীসকলৰ সমাৱেশত ভাষণ দিছিল খাণ্ডেকাৰে৷ তেওঁৰ শেষৰ বাক্যশাৰীত আছিল মাত্র ৫টা শব্দ৷ এই ৫টা শব্দ উচ্চাৰণ কৰিয়েই মৃত্যুৰ কোলাত ঢলি পৰে খাণ্ডেকাৰ৷ অধ্যাপক সমীৰৰ বয়স হৈছিল ৫৫ বছৰ৷ পৰহি প্রাক্তন শিক্ষার্থীসকলৰ অনুষ্ঠানত যোগ দিছিল খাণ্ডেকাৰে৷ ভাষণত শৰীৰ চর্চাৰ বিষয়ে কথা কৈছিল খাণ্ডেকাৰে৷ তেওঁৰ শেষ বাক্যটো আছিল– ‘টেক কেয়াৰ অৱ ইয়োৰ হেল্থ’৷ অর্থাৎ সকলোৱে নিজৰ স্বাস্থ্যৰ যত্ন ল’বা৷ এই ৫টা শব্দ উচ্চাৰণ কৰাৰ পিছতেই ঢলি পৰে অধ্যাপকগৰাকী৷ আৰম্ভণিতে উপস্থিত কোনেও সমীৰ অসুস্থ হৈ পৰা বুলি ধৰিব পৰা নাছিল৷ পিছত তেওঁ অস্বাভাৱিকভাৱে ঘামিবলৈ ধৰাৰ লগে লগে উপস্থিত লোকসকলে তেওঁক হাস্পতাললৈ লৈ যায়৷ হাস্পতালত সমীৰক মৃত ঘোষণা কৰে চিকিৎসকে৷

You might also like