নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষণৰ মান উন্নত কৰা আৰু শিক্ষাক সমাজ জীৱনৰ স’তে সংপৃক্ত কৰিবলৈ শিক্ষা বিভাগে যুগুতাই উলিয়াইছে কেতবোৰ নিৰ্দেশনা |প্ৰাক্তন ছাত্ৰসকলক বিদ্যালয়ৰ বৰ্তমানৰ স’তে জড়িত ৰাখি শিক্ষানুষ্ঠানৰ প্ৰতি দায়বদ্ধ কৰাৰ লক্ষ্যৰে বিভাগটোৱে বিদ্যালয়ে বিদ্যালয়ে জাৰি কৰিছে নিৰ্দেশনা। সেইমৰ্মে সোমবাৰে নগৰবেৰা কালুবাৰীস্থ শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয় প্ৰাংগণত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক কুলেন তালুকদাৰৰ সঞ্চালনাত এখন সভা অনুষ্ঠিত হয় | উক্ত সভাত বিদ্যালয়খনৰ ভালেসংখ্যক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত প্ৰাক্তন ছাত্ৰ দুলাল পাঠকক সভাপতি আৰু সঞ্জীৱ কুমাৰ দাসক সম্পাদক হিচাপে লৈ এখন বহল পৰিসৰৰ প্ৰাক্তন ছাত্ৰসকলৰ সমিতি গঠন কৰা হয় | স্মৰ্তব্য যে বিদ্যালয়ৰ গুণোৎসৱৰ পূৰ্বেই উক্ত সমিতিয়ে পূৰ্ণতা পাব আৰু আগলৈ সমিতিখনক বিদ্যালয়ৰ প্ৰতিটো শৈক্ষিকপৰ্ব কাৰ্যসূচীত জড়িত কৰাৰ কথাও সদৰী কৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক তালুকদাৰে | একেদৰে বিদ্যাঞ্জলি আঁচনিত সভাত উপস্থিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰাই ভালেসংখ্যকে বিদ্যালয়খনৰ অভাৱ পূৰণ কৰিব পৰাকৈ বিভিন্ন সামগ্ৰীও দান কৰাৰ কথা ঘোষণা কৰে | দীৰ্ঘকালৰ অন্তত প্ৰাক্তন শিক্ষাৰ্থীসকল স্কুলীয়া অতীত সুঁৱৰি নষ্টালজিক হৈ পৰে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস