নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : ছিণ্ডিকেটৰাজ বন্ধ কৰাৰ দাবীত ধুবুৰী জিলাৰ গোলকগঞ্জৰ সোণহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ সন্মুখত কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টী (কেপিপি)ৰ উদ্যোগত আজি এক অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়িত হয়। নিজৰ চৰজমিন তদন্তত সোণাহাটত ছিণ্ডিকেট চলি থকাৰ বিষয়টো উন্মোচিত হোৱা বুলি দাবী কৰে সংগঠনটোৱে। আনকি, ছিণ্ডিকেট চক্ৰটোৱে সোণাহাট বাণিজ্যিক কেন্দ্ৰটোৰে বাংলাদেশলৈ যোৱা প্ৰতিখন শিল পৰিবাহী ট্ৰাকৰ পৰা ১০,৫০০ টকা আৰু কয়লা পৰিবাহী ট্ৰাকৰ পৰা ২৫,০০০ টকাকৈ ধন সংগ্ৰহ কৰাৰ বিস্ফোৰক অভিযোগো আনিছে কেপিপিয়ে। পিছত সংবাদ মাধ্যমৰে হোৱা কথা-বতৰাত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰটোত চলি থকা ছিণ্ডিকেটৰাজৰ বিষয়টোক লৈ ৭ ডিচেম্বৰৰ দিনা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰা বুলি সদৰী কৰাৰ সমান্তৰালকৈ সোণাহাটৰ ছিণ্ডিকেটৰাজ উৎখাত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ শৰ্মাক অনুৰোধ জনায় সংগঠনটোৰ কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদক উত্তম ৰায়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী