নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : চলিত বছৰৰ ডিচেম্বৰ মাহটোত চলি থকা চুৰিকাণ্ডৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পুনৰ চুৰি হ’ল ধুবুৰীৰ মন্দিৰৰ দানপাত্ৰৰ ধন। মন্দিৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, যোৱানিশা চহৰখনৰ ৪নং ৱাৰ্ডৰ পালপাৰাস্থিত গণেশ-শিৱ মন্দিৰৰ দানপাত্ৰৰ বাকচৰ ধন চুৰি হৈছে। উল্লেখ্য যে বিগত ১৭ ডিচেম্বৰত ধুবুৰীৰ ঐতিহ্যমণ্ডিত প্ৰতিষ্ঠান হৰিসভাৰ বাহিৰৰ বেৰত থকা দান ভাণ্ডাৰৰ পৰা চুৰি হৈছিল ধন। তাৰ পূৰ্বে ১৪ ডিচেম্বৰৰ পুৱতি নিশা ধুবুৰী চহৰৰ কালীবাৰী ৰোডস্থিত শ্ৰী সীতাৰাম ঠাকুৰবাৰী মন্দিৰৰ দান ভাণ্ডাৰৰ ধনো চুৰি হৈছিল। তাৰ পূৰ্বে বিগত ১০ ডিচেম্বৰত ঘৰত কোনো নথকাৰ সুযোগ লৈ ধুবুৰী চহৰৰ ২নং ৱাৰ্ডৰ এগৰাকী প্ৰতিষ্ঠিত চাৰ্টাৰ্ড একাউন্টেণ্ট অনুপ চান্দ শেঠীয়াৰ গৃহৰ পৰা প্ৰায় ২০ লাখ টকাৰ সামগ্ৰী চুৰি হৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী