নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাটশিঙিমাৰীৰ গড়কাপ্টানী পথত উচ্ছেদ অভিযান

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত তিনিআলিৰ পৰা ঝনঝনিলৈকে প্ৰায় ২৬ কিলোমিটাৰ লোকনিৰ্মাণ বিভাগৰ পথ বহল কৰাৰ বাবে কেবিনেটত মঞ্জৰি লাভ কৰাৰ পিছত জিলা প্ৰশাসনে আজিৰ পৰা উক্ত পথছোৱৰ দুয়োফালে থকা দোকান-পোহাৰ বেদখলমুক্ত কৰা আৰম্ভ কৰিছে। আজি হাটশিঙিমাৰী তিনিআলিৰ পৰা জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্ত, আৰক্ষী আৰু জিলা প্ৰশাসনৰ‌ বিষয়ববীয়াৰ উপস্থিতিত একাংশ দোকানীয়ে দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰি ব্যৱসায় কৰি থকাত দোকান-পোহাৰ উচ্ছেদ কৰে। উল্লেখ্য যে হাটশিঙিমাৰীৰ পৰা মানকাচৰৰ ঝনঝনিলৈকে এইচ এম পথৰ দুয়োফালে চৰকাৰী পথৰ ভূমি বেদখল কৰি দোকান-পোহাৰ গঢ়ি তোলাৰ বিৰুদ্ধে প্ৰশাসনে এই উচ্ছেদ অভিযানৰ কাৰ্যসূচী হাতত লয়। আজি প্ৰথম দিনা হাটশিঙিমাৰীৰ তিনিআলিত হাটশিঙিমাৰী-মানকাচৰ লোকনিৰ্মাণ বিভাগৰ পথৰ ভূমিত দীৰ্ঘদিন ধৰি দখল কৰি দোকান চলাই থকা ৪৭খন দোকান উচ্ছেদ কৰে। হাটশিঙিমাৰীৰ পৰা মানকাচৰ হৈ ঝনঝনিলৈ মুঠ ২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ লোকনিৰ্মাণ বিভাগৰ মূল পথছোৱা পুনৰ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ কেবিনেটত মঞ্জৰি লাভ কৰাত পথছোৱা নিৰ্মাণৰ সময়ত যাতে কোনো লোকে লোকনিৰ্মাণ বিভাগক কোনোধৰণৰ বিধি-পথালি দিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। হাটশিঙিমাৰীৰ পৰা ঝনঝনিলৈ পথৰ দুয়োকাষে যিসকল লোকে দখল কৰি আহিছে, তেওঁলোকেৰ বিৰুদ্ধে পৰ্যায়ক্ৰমে উচ্ছেদ অভিযান চলাব বুলি মানকাচৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীয়ে সংবাদ মাধ্যমক সদৰী কৰে। লক্ষণীয় যে জিলা প্ৰশাসনৰ নিৰ্দেশ লাভ কৰাৰ পিছত হাটশিঙিমাৰীৰ একাংশ দখলকাৰী দোকানীয়ে নিজাববীয়াকৈ দোকান-পোহাৰ ভাঙিবলৈ আৰম্ভ কৰিছে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like