বিশেষ বার্তা, ২৭ ডিচেম্বৰ : আৰক্ষীৰ অমানুষিক শাৰীৰিক–মানসিক নির্যাতনত দিশহাৰা হৈ তিতাবৰ বিৰিণাশায়েক অঞ্চলৰ দীপাংকৰ গগৈ (২৪) নামৰ যুৱকজনে কালি পুৱা নিজ গৃহৰ কাষতে থকা এখন চাহ বাগিচাৰ এজোপা গছত চিপ লোৱা ঘটনা সংক্ৰান্তত অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া বুলি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্স হেণ্ডেলত প্ৰকাশ কৰিছে। তদুপৰি এই ঘটনাৰ তদন্ত ৩০ দিনৰ ভিতৰত সমাপ্ত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে কেইবাদিনো ধৰি দীপাংকৰ গগৈক যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত তিতাবৰ আৰক্ষীয়ে আলফাৰ লিংকমেন বুলি সন্দেহ কৰি ঘৰৰ পৰা লৈ গৈছিল আৰু বহু নিশা ঘৰত থৈ যায় ৷ আৰক্ষীয়ে যুৱকজনৰ ঘৰত বহুবাৰ সন্দেহজনক নথিপত্র–সামগ্রীৰ সন্ধানত তালাচী চলাইছিল বুলিও পৰিয়ালৰ লোকে ব্যক্ত কৰিছে৷ পৰহি নিশা প্রায় ২.৩০ বজাত যুৱকজনক আৰক্ষীয়ে ঘৰত থৈ অহাৰ পাছত পুৱতি নিশা তেওঁ চৰম পথ বাছি লয় ৷