নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পর্যাপ্ত চিকিৎসক অবিহনে চলিছে ইএছআইচি হাস্পতাল

চিকিৎসক-ফার্মাচিষ্টৰ সমন্বয়ৰ অভাৱত দৰব অবিহনে দৈনিক উভতিছে শ শ ৰোগী

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ মহানগৰীৰ বেলতলাস্থিত কর্মচাৰী ৰাজ্য বীমা নিগম আদর্শ চিকিৎসালয় চমুকৈ ইএছআইচিত চলিছে ব্যাপক খেলিমেলি৷ ভাৰত চৰকাৰৰ শ্রম আৰু নিয়োগ মন্ত্রালয়ৰ অধীনস্থ হাস্পতালখনত চিকিৎসক–ফার্মাচিষ্ট্ আৰু অন্যান্য কর্মচাৰীৰ সমন্বয়ৰ অভাৱত দৈনিক শ শ ৰোগীৰ লগতে ৰোগীৰ অভিভাৱকে চৰম দুর্দশাৰ সন্মুখীন হৈছে৷ ইএছআইচি হাস্পতালৰ একাংশ চিকিৎসক আৰু ফার্মাচীৰ কর্মচাৰীৰ সমন্বয়ৰ অভাৱত দৰব অবিহনে জ্যেষ্ঠ নাগৰিক আৰু মহিলাসহ দৈনিক উভতিছে শ শ ৰোগী৷ কালি চকিৎসালয়খনৰ চিকিৎসকে প্রদান কৰা নিদান–পত্র মতে ফার্মাচীৰ কর্মচাৰীয়ে দৰব নিদিয়াৰ বাবে হাস্পতাল চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য যে হাস্পতালৰ চিকিৎসকে লিখি দিয়া নিদান–পত্রৰ বিপৰীতে ফার্মাচীৰ কর্মচাৰীয়ে অনলাইন ‘প্রেছক্রিপচন’ বিচৰাক লৈ এনে অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হয়৷ পিছত হাস্পতালখনৰ অধীক্ষক ডাঃ বিজয় ডেকাৰ হস্তক্ষেপত পৰিস্থিতি স্বাভাৱিক হয়৷ একাংশ ভুক্তভোগী ৰোগীয়ে জানিবলৈ দিয়া মতে, হাস্পতালখনৰ চিকিৎসকে দিয়া হাতেলিখা নিদান–পত্র দীর্ঘদিন ধৰি ইএছআইচি হাস্পতালৰ ফার্মাচীৰ কর্মচাৰীয়ে মানি নলয়৷ অৱশ্যে একাংশ চিকিৎসকে অনলাইন নিদান–পত্র প্রদান কৰে যদিও হাস্পতালৰ অধিকাংশ চিকিৎসকে হাতেলিখা নিদান–পত্রহে ৰোগীক প্রদান কৰে৷ এই লৈ ৰোগী আৰু ফার্মাচীৰ কর্মচাৰীৰ মাজত প্রায়ে বাক–বিতণ্ডাৰ সৃষ্টি হয়৷

You might also like