নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মস্কোৰ বিৰুদ্ধে নিষেধাজ্ঞা : জাপান-দঃ কোৰিয়াক সকীয়নি ৰাছিয়াৰ

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ জাপান আৰু দক্ষিণ কোৰিয়ালৈ কঠোৰ বার্তা প্রেৰণ কৰিছে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ জাপানে ইউক্রেইনক সহায় কৰিবলৈ আগবঢ়াৰ লগতে দক্ষিণ কোৰিয়াই ৰাছিয়াৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞাৰ প্রতি ইতিবাচক দৃষ্টিভংগী প্রদর্শন কৰিছে৷ ইয়াক লৈ ক্ষুব্ধ ভ্লাডিমিৰ পুটিন৷ শেহতীয়াকৈ জাপানে ইউক্রেইনক পেট্রিয়ট এয়াৰ ডিফেন্স ছিষ্টেম দিয়াৰ সিদ্ধান্ত লৈছে৷ লগে লগে ৰাছিয়াৰ বিদেশ মন্ত্রালয়ে জাপানক এনে কার্যৰ বাবে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’ব লাগিব বুলি হুংকাৰ দিছে৷ লক্ষণীয়ভাৱে জাপান আৰু ৰাছিয়াৰ মাজত পূর্বৰে পৰা সম্পর্কত তিক্ততা আছে৷ ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ আৰম্ভ কৰাৰ লগে লগে এই সম্পর্কৰ অধিক অৱনতি ঘটে৷ যোৱা বছৰ ফেব্রুৱাৰী মাহত ইউক্রেইনৰ বিৰুদ্ধে আগ্রাসন আৰম্ভ কৰে ৰুছ সেনাই৷ লগে লগে ৰাছিয়াৰ বিৰুদ্ধে অৱস্থান স্পষ্ট কৰি জাপানে পাশ্চাত্যৰ দেশসমূহৰ সৈতে সম্পর্ক অধিক সুদৃঢ় কৰে৷ আমেৰিকা আৰু পাশ্চাত্যৰ দেশসমূহে ৰাছিয়াৰ বিৰুদ্ধে প্রয়োগ কৰা অর্থনৈতিক নিষেধাজ্ঞাকো সমর্থন জনায় জাপানে৷ দক্ষিণ কোৰিয়াই শেহতীয়াকৈ নতুন অর্থনৈতিক অৱৰোধ জাৰি কৰিছে ৰাছিয়াৰ বিৰুদ্ধে৷ এই অৱৰোধতো সমর্থন জনাইছে জাপানে৷ দক্ষিণ কোৰিয়াৰ শেহতীয়া পদক্ষেপক লৈ ক্ষুব্ধ পুটিন৷ পুটিনে হুংকাৰ দিছে যে দেশখনৰ পৰা ৰাছিয়ালৈ সৰবৰাহ হৈ থকা সামগ্রী যদি বন্ধ হৈ পৰে, তেন্তে ছিউলে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব৷ অর্থাৎ ইয়াৰ বাবে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰিব পাৰে বুলি ইংগিত দিছে পুটিনে৷ স্মর্তব্য যে যোৱা সপ্তাহত দক্ষিণ কোৰিয়াই ৬০০ বিধ বিভিন্ন সামগ্রী ৰাছিয়ালৈ প্রেৰণৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিব বুলি ঘোষণা কৰিছিল৷ এই সামগ্রীবোৰ ৰাছিয়া–ইউক্রেইনৰ যুদ্ধৰ সময়ত সামৰিক ক্ষেত্রত সহায়ক হৈ আহিছে৷ সংবাদ সংস্থা ৰয়টার্ছৰ প্রতিবেদন অনুসৰি বিভিন্ন যন্ত্র তথা সৰঞ্জাম ছিউলে ৰপ্তানি কৰি আহিছিল ৰাছিয়ালৈ৷ কিন্তু এই সকলো যন্ত্র আৰু সৰঞ্জাম ৰাছিয়াই ইউক্রেইন যুদ্ধত ব্যৱহাৰ কৰা বুলি নিশ্চিত হৈছে জাপান আৰু দক্ষিণ কোৰিয়া৷ গতিকে এনে যন্ত্র আৰু সৰঞ্জাম সৰবৰাহ বন্ধ কৰাৰ হুংকাৰ দিছে দক্ষিণ কোৰিয়াই৷ ইয়াৰ লগে লগে কঠোৰ সকীয়নি প্রদান কৰিছে ৰাছিয়াই৷ অর্থাৎ শেহতীয়াকৈ দক্ষিণ কোৰিয়া আৰু জাপানৰ সৈতে ৰাছিয়াৰ মতানৈক্যই কঢ়িয়াই আনিছে নতুন যুদ্ধৰ আশংকা৷

You might also like