নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ২১ জিলাৰ ভূগর্ভস্থ পানীত আর্ছেনিক–১৭খনত ফ্ল’ৰাইড

🔹 বিশুদ্ধ পানীৰ নামত অসমবাসীয়ে পান কৰিছে বৰবিহ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ ডিচেম্বৰ : বিশুদ্ধ পানীৰ নামত ৰাজ্যবাসীয়ে পান কৰি আহিছে বৰবিহ৷ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ কেইবাখনো অভিলাষী বিশুদ্ধ পানী যোগান আঁচনি ৰূপায়ণ কৰা সত্ত্বেও ৰাজ্যবাসীয়ে পান কৰিবলগীয়া হৈছে মানৱ শৰীৰৰ বাবে অত্যন্ত বিষাক্ত আর্ছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী৷ এই ভয়াৱহ তথ্য উন্মোচিত হৈছে ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ মজিয়াত৷ ৰাজ্যৰ ২১খন জিলাৰ ভূগর্ভস্থ পানীত মাত্রাধিক আর্ছেনিক আৰু ১৭খন জিলাৰ ভূগর্ভস্থ পানীত মাত্রাধিক ফ্ল’ৰাইড থকাৰ তথ্য লাভ কৰাৰ পিছতে এটা গোচৰ ৰুজু কৰি সেউজ ন্যায়াধিকৰণৰ দিল্লীৰ মূল পীঠৰ এখন খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ জাননী জাৰি কৰিছে৷ পৰহি অনুষ্ঠিত শুনানিত জাৰি কৰা জাননীৰ এমাহৰ ভিতৰত উত্তৰ দিব লাগিব৷ এই বিষাক্ত পদার্থ মিহলি হৈ থকা পানীৰ ব্যৱহাৰ ৰোধ কৰা ব্যৱস্থাৱলী সম্পর্কে মুখ্য সচিবে জাননীৰ উত্তৰত উল্লেখ কৰিব লাগিব৷ অসমৰ উপৰি দেশৰ ২৪খন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰলৈ সেউজ ন্যায়াধিকৰণে জাননী জাৰি কৰিছে৷ এখন ৰাষ্ট্রীয় বাতৰিকাকতত প্রকাশিত প্রতিবেদনত সেউজ ন্যায়াধিকৰণে এই গুৰুত্বপূর্ণ বিষয়টো সন্দর্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছিল৷ ইয়াৰ পূর্বৰ শুনানিত ন্যায়াধিকৰণৰ বিচাৰপীঠে কেন্দ্রীয় ভূজল পৰিষদক সবিশেষ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছিল৷ প্রতিবেদনখনত পৰিষদে উল্লেখ কৰা অনুসৰি, বাক্সা, বৰপেটা, বঙাইগাঁও, বিশ্বনাথ, কাছাৰ, দৰং, ধেমাজি, ডিব্রুগড়, ধুবুৰী, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, যোৰহাট, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰৰ ভূগর্ভস্থ পানীত আর্ছেনিকৰ উপস্থিতি ধৰা পৰিছে৷ উক্ত জিলাকেইখনত প্রতি লিটাৰত ০.০১ মিঃগ্রাঃতকৈ অধিক আর্ছেনিক মিহলি হৈ আছে৷ ইয়াৰ ভিতৰত ৮খন জিলা ক্রমে গোলাঘাট, যোৰহাট, লখিমপুৰ, নগাঁও, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰক হটস্পটত ৰখা হৈছে৷ আনহাতে, বঙাইগাঁও, কাছাৰ, ধুবুৰী, ডিব্রুগড়, গোৱালপাৰা, হাইলাকান্দি, কামৰূপ, কার্বি আংলং, লখিমপুৰ, নগাঁও, গোলাঘাট, কৰিমগঞ্জ, শিৱসাগৰ, যোৰহাট, শোণিতপুৰ, মৰিগাঁও আৰু দৰঙৰ ভূগর্ভস্থ পানীত ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছে৷ উল্লেখ্য যে আর্ছেনিক আৰু ফ্ল’ৰাইডযুক্ত পানী পানে বিভিন্ন দুৰাৰোগ্য ৰোগৰ কাৰণ বুলি স্বাস্থ্য বিশেষজ্ঞসকলে মত পোষণ কৰি আহিছে৷ আনকি এনে দূষিত পানী পান কৰা লোকৰ যকৃৎ, পাকস্থলী, বৃক্ক, হাঁওফাঁও বিকল কৰাই নহয়, চিৰজীৱনৰ বাবে পংগু কৰি তুলিব পাৰে৷ গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ১৫ ফেব্রুৱাৰী গ্রহণ কৰা হ’ব৷

You might also like