নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খৈৰাবাৰীৰ ঝাৰগাঁৱত খাদ্যৰ বিষক্ৰিয়াত অসুস্থ ৯গৰাকী

নিয়মীয়া বাৰ্তা,  ৩০ ডিচেম্বৰ : ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত ঝাৰগাঁৱত খাদ্যত বিষক্ৰিয়া হৈ আজি ৯জন লোক অসুস্থ হয় । জানিব পৰা মতে, আজি পুৱা ১১ মান বজাত ঝাৰগাঁৱৰ দৈনিক বজাৰ চ’কৰ এখন হোটেলত চাহ, লাড়ু খোৱাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হয় লোককেইজন । আক্ৰান্ত লোককেইজনৰ প্ৰথমে মূৰঘূৰণি, বমি, শৌচ হ’বলৈ ধৰে । পিছত হাত-ভৰিৰ সিৰা টানিবলৈ ধৰে আৰু কথা ক’ব নোৱাৰা অৱস্থা হয় । বিষক্ৰিয়াত আক্ৰান্তসকলক দৰঙৰ হাপামাৰাৰ জগন্নাথ ডেকা, ঝাৰগাঁৱৰ অপূৰ্ব দে, সুমন ধৰ, দেৱাশিস ডেকা, তৰুণ ডেকা, হেম ডেকা আৰু কোণামাৰাৰ নৃপেন ৰাভা বুলি জানিব পৰা গৈছে । বাতৰি যুগুতোৱা পৰলৈকে আন দুজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই । আক্ৰান্তসকলক লগে লগে ১০৮ সেৱাৰে খৈৰাবাৰী স্বাস্থ্যকেন্দ্ৰলৈ লৈ অহা হয় । তৰুণ ডেকা আৰু অপূৰ্ব দে’ৰ অৱস্থা সংকটজনক হোৱাত প‌্ৰথমে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ; পিছত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয় বুলি জানিব পৰা গৈছে । উল্লেখ্য যে হোটেলখনৰ স্বত্বাধিকাৰী বুদ্ধি ৰাম শৰণীয়াই হোটেলখনত উপলব্ধ লাড়ু আদি খাদ্য সামগ্ৰীসমূহ আন ব‌্যৱসায়ীৰ পৰা ক্ৰয় কৰি ৰখা বুলি প্ৰকাশ কৰে ।

প্ৰেৰক ধীৰেন মহলীয়া

You might also like