বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : সেনা বাহিনীৰ চোৰাংচোৱা বিভাগৰ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে অভিযান চলাই কৰিমগঞ্জৰ বদৰপুৰ ৰে’ল ষ্টেচনৰ পৰা দুগৰাকী বাংলাদেশী মহিলাক আটক কৰিবলৈ সক্ষম হৈছে। কলকাতাৰ সেনা বাহিনীৰ চোৰাংচোৱাৰ খবৰৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে আগৰতলা-শিয়ালদা কাঞ্চনজংগা ৰে’লৰ পৰা এই দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে । ধৃত মহিলা দুগৰাকী হৈছে বাংলাদেশৰ ঢাকাৰ আছিয়া বেগম (৩০) আৰু খাদিজা আখতাৰ (২০)। দুয়োগৰাকী বাংলাদেশী মহিলাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত জিআৰপিয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, কাঞ্চনজংঘা ৰে’লেৰে আগৰতলাৰ পৰা কলকাতালৈ গৈ থকা অৱস্থাত বদৰপুৰ ষ্টেচনত আটক কৰা হয় দুয়োগৰাকী বাংলাদেশী মহিলাক। ৰে’লখন আগৰতলাৰ পৰা যাত্ৰা কৰাৰ পিছৰে পৰা বদৰপুৰ ষ্টেচনত জিআৰপি আৰু আৰপিএফে যৌথ অভিযানৰ বাবে সাজু হৈ আছিল। গাড়ীখন বদৰপুৰ অহাৰ পাছত অভিযান চলাই বাংলাদেশী মহিলা দুগৰাকীক আটক কৰি জি আৰ পি থানালৈ অনা হয়। বৰ্তমান বাংলাদেশী নাগৰিক দুয়োগৰাকীক জেৰা চলাই থকা হৈছে।জেৰাত তেওঁলোকে কয়- কেইমাহমান পূৰ্বে ভাৰতত ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰিছিল। ইতিমধ্যে তেওঁলোকে ভাৰতৰ বিভিন্ন ৰাজ্য ভ্ৰমণ কৰিছে। তালাচীৰ সময়ত আৰক্ষীয়ে তেওঁলোকৰ পৰা বাংলাদেশৰ কিছু নথি-পত্ৰ জব্দ কৰিছে বুলি জানিব পৰা গৈছে।
প্ৰেৰক অসীম দেব