নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিগগজ তাৰকাক চেৰাই কেপটাউনত ছিৰাজৰ ৰেকৰ্ড

বাৰ্তা ডিজিটেল ডেস্ক, ৩ জানুৱাৰীঃ কেপটাউন টেষ্টৰ প্ৰথম ইনিংছত মিয়া মেজিক। কেপটাউন টেষ্টত ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজে মাৰাত্মক বলিং কৰি দক্ষিণ আফ্ৰিকাৰ বেটাৰৰ মাজত ত্ৰাস সৃষ্টি কৰে। মহম্মদ ছিৰাজে ৯ অভাৰত ১৫ ৰান দি ৬ বেটছমেনক আউট কৰে। প্ৰথম ছেছনত ৫টা উইকেট দখল কৰি মহম্মদ ছিৰাজে ইতিহাসৰ সৃষ্টি কৰে। তদুপৰি এই বলাৰজনে নিজৰ নামত আৰু বহু অভিলেখ গঢ়িবলৈ সক্ষম হয়। ভাৰতৰ হৈ টেষ্ট মেচত সৰ্বনিম্ন ৰান দি ৫টা উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে যশপ্ৰীত বুমৰাহে। ২০১৯ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৭ ৰানত ৫জন বেটছমেনক আউট কৰিছিল বুমৰাহে। একে সময়তে এই তালিকাত দ্বিতীয় স্থানত আছে মহম্মদ ছিৰাজ। আজি কেপটাউনত মহম্মদ ছিৰাজে ১৫ ৰানত ৬ খেলুৱৈক আউট কৰে। যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজৰ পিছতে তৃতীয় স্থানত আছে ভাৰতীয় প্ৰাক্তন কিংবদন্তি জাভাগল শ্ৰীনাথ। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২১ ৰানত ৬ উইকেট দখল কৰিছিল জাভাগল শ্ৰীনাথে। এই খেলখন ১৯৯৬ চনত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হৈছিল। বাংলাদেশৰ বিৰুদ্ধে ঈশান্ত শৰ্মাই ২২ ৰানত ৫ উইকেট দখল কৰিছিল। ভাৰত আৰু বাংলাদেশৰ এই খেলখন ২০১৯ চনত কলকাতাত অনুষ্ঠিত হৈছিল। ইয়াৰ বাহিৰেও মদনলালে ১৯৮১ চনত ইংলেণ্ডৰ বিৰুদ্ধে ২৩ ৰানত ৫টা উইকেট দখল কৰিছিল। ভাৰত আৰু ইংলেণ্ডৰ এই খেলখন ১৯৮১ চনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। একে সময়তে কেপটাউনত মহম্মদ ছিৰাজৰ মাৰাত্মক বলিঙৰ সন্মুখত দক্ষিণ আফ্ৰিকাৰ দলটো মাত্ৰ ৫৫ ৰানলৈ হ্ৰাস পায়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে সৰ্বাধিক ৬টা উইকেট দখল কৰে। ইয়াৰ উপৰি যশপ্ৰীত বুমৰাহ আৰু মুকেশ কুমাৰে ২টাকৈ সফলতা লাভ কৰে।

You might also like