জয়পুৰ প্ৰিমিয়াৰ লীগত গল্ডেন ডাক চূড়ান্ত বিজয়ী
বিশেষ বাৰ্তা, ৩ জানুৱাৰী : জয়পুৰ ক্ৰীড়া সন্থাৰ সৌজন্যত অনুষ্ঠিত হোৱা জয়পুৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত গল্ডেন ডাক দলে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰে। আজি অনুষ্ঠিত চূড়ান্ত খেলখনত জয়পুৰ পুলিচ দলে টছত জিকি বেটিং লৈ নিমন্ত্ৰণ জনোৱাত গল্ডেন ডাক দলে চন্দ্ৰজিত বৰুৱাৰ ৩২, ৰাকেশ বাউৰীৰ ৩০ আৰু পংকজ দত্তৰ ২৫ ৰানৰ বিনিময়ত নিৰ্ধাৰিত ১০ অভাৰত ৩টা উইকেট হেৰুৱাই ১১১ ৰান সংগ্ৰহ কৰে। পুলিচ দলৰ হৈ সুৰেশ হালোৱাই ১৯ ৰানৰ বিনিময়ত দুটা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত জয়পুৰ পুলিচে নিৰ্ধাৰিত ১০ অভাৰত ৮টাকৈ উইকেট হেৰুৱাই মাত্ৰ ৭৩ ৰানহে কৰিবলৈ সক্ষম হোৱাত গল্ডেন ডাক দল ৩৮ ৰানত বিজয়ী হয়। বিজয়ী দলৰ হৈ পংকজ দত্ত, ৰঞ্জন তন্তবাই আৰু ৰবি ঘাটোৱাৰে দুটাকৈ উইকেট কৰে। বিজয়ী দলৰ হৈ পংকজ দত্তই চূড়ান্ত মেচৰ মেন অফ দা মেচ লাভ কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বেটছমেনৰ খিতাপ অর্জন কৰাৰ বিপৰীতে জয়পুৰ চুপাৰ কিংচৰ কৰণ শৰ্মাই শ্ৰেষ্ঠ বলাৰৰ বঁটা লাভ কৰে। চূড়ান্ত খেলখনৰ বঁটা সমূহ বিতৰণ কৰে জয়পুৰ ক্ৰীড়া সন্থাৰ সভাপতি অভিজিত সিংহ, সম্পাদক মৃদুল কলিতা আদিকে ধৰি বিশিষ্ট ব্যক্তিসকলে।
প্ৰেৰক প্ৰাঞ্জল ভূঞা