চানমাৰিত তিনি শতাধিক বাইক–টেক্সি চালকৰ উত্তাল প্রতিবাদ
মহানগৰীত অবৈধ অ’লা–উবেৰ–ৰেপিড’ বন্ধ পৰিবহণ বিভাগৰ
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ ৰাজপথত নীতিবহির্ভূতভাৱে চলাচল কৰা ৰেপিড’ তথা বাইক–টেক্সি সেৱা বন্ধ কৰিবলৈ পৰিবহণ আয়ুক্তই নির্দেশ দিয়াৰ পিছতেই বাইক–টেক্সি চালকসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ পৰিবহণ বিভাগে এই সেৱা বন্ধ কৰাত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা কর্মসংস্থান বিচাৰি মহানগৰীলৈ অহা প্রায় ২০ হাজাৰ নিবনুৱাই সংস্থান হেৰুওৱাৰ উপক্রম হৈছে৷ দেওবাৰে চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত টেক্সিচালকসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি ৰেপিড’–’লা আৰু উবেৰ সেৱাত কর্মৰত ৫ শতাধিক বাইক–টেক্সি চালকে বিভিন্ন ধ্বনিৰে পৰিবহণ বিভাগৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰা টেক্সিচালকসকলে হাতে হাতে হেলমেট লৈ পৰিবহণ আয়ুক্ত মুর্দাবাদ, পৰিবহণ বিভাগৰ মইমতালি নচলিব, বাইক–টেক্সি সেৱা বন্ধ কৰা নচলিব৷ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰে৷ এই কার্যসূচীত অংশগ্রহণ কৰা একাংশ বাইক–টেক্সি চালকে কয় যে মহানগৰীত চলাচল কৰা অবৈধ বাইক–টেক্সি সেৱাৰ বাবে প্রকৃততে চালকসকল নহয়, পৰিবহণ বিভাগহে দায়ী৷ যদিহে ৰাজপথত অবৈধভাৱে বাইক–টেক্সি চলি আছে, সেয়া পৰিবহণ বিভাগৰ চূড়ান্ত ব্যর্থতাহে৷ এইক্ষেত্রক চালকসকলক দায়ী কৰাটো গ্রহণযোগ্য নহয়৷ যদিহে ৰেপিড’ বাইক সেৱা অবৈধ আছিল, তেন্তে ২০১৮ চনৰ ১৭ ডিচেম্বৰত খানাপাৰাত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই আনুষ্ঠানিকভাৱে এই সেৱা কি কাৰণে মুকলি কৰিছিল বুলি প্রতিবাদকাৰীসকলে প্রশ্ণ উত্থাপন কৰে৷ প্রায় ৩ ঘণ্টাৰো অধিক সময় প্রতিবাদ সাব্যস্ত কৰাৰ পিছত প্রতিবাদকাৰীসকলে জনপ্রিয় কণ্ঠশিল্পী জুবিন গার্গৰ খাৰঘুলিস্থিত বাসগৃহলৈ শিল্পীগৰাকীৰ সমর্থন বিচাৰি ৰাওনা হয়৷ অৱশ্যে প্রতিবাদকাৰীসকল শিল্পী জুবিন গার্গৰ বাসগৃহত উপস্থিত হয় যদিও শিল্পীগৰাকী বাসগৃহত নথকাৰ বাবে প্রতিবাদকাৰীসকলে তেওঁৰ সাক্ষাৎ পোৱা নাই বুলি জানিব পৰা গৈছে৷ এইক্ষেত্রত শিল্পী জুবিন গার্গে কি পদক্ষেপ গ্রহণ কৰিব সেয়া এতিয়াও অস্পষ্ট৷ ইপিনে, জিলা পৰিবহণ বিষয়া বাপন কলিতাই প্রতিক্রিয়া প্রকাশ কৰি কয় যে মহানগৰীত অবৈধভাৱে চলাচল কৰা বাইক–টেক্সি সেৱা পুনৰ বিবেচনা কৰা নহ’ব৷ কিয়নো, একাংশ চালকে বাণিজ্যিক অনুজ্ঞাপত্র অবিহনে বাইক–টেক্সী সেৱা প্রদান কৰি আহিছে৷