দুবছৰৰ বিৰতিত শীর্ষ ১০লৈ উভতিল কোহলি
বিশেষ বাৰ্তা, ৪ জানুৱাৰী : প্রায় দুবছৰৰ বিৰতিৰ অন্তত আই চি চি টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ শীর্ষ দহলৈ উভতিল টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলি৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিয়ে প্রকাশ কৰা ৰেংকিঙৰ বেটাৰ শাখাত কোহলিয়ে চাৰিটা স্থান আগুৱাই নৱম স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ দক্ষিণ আফ্রিকাৰে খেলি থকা দুখনীয়া টেষ্ট শৃংখলাটোৰ প্রথমখন টেষ্টত দাঙি ধৰা সুন্দৰ প্রদর্শনৰ বাবেই কোহলিয়ে শীর্ষ দহত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ২০২২ চনৰ মার্চ মাহৰ পিছত কোহলিয়ে ৰেংকিঙৰ শীর্ষ দহত প্রৱেশ কৰে৷ ইফালে, টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা চতুর্দশ স্থানলৈ অৱনমিত হৈছে৷ বক্সিং ডে’ টেষ্টত দুর্বল প্রদর্শন দাঙি ধৰাৰ বাবেই ৰোহিত শর্মা দশম স্থানৰ পৰা চতুর্দশ স্থানলৈ অৱনমিত হয়৷ নিউজিলেণ্ডৰ কেন উইলিয়ামছনে শীর্ষস্থান দখল কৰি থকা বেটাৰ শাখাত ইংলেণ্ডৰ জ’ ৰুটে দ্বিতীয় আৰু অষ্ট্রেলিয়াৰ ষ্টিভেন স্মিথে তৃতীয় স্থানটো অধিকাৰ কৰে৷ ইফালে, টীম ইণ্ডিয়াৰ ৰবিচন্দ্রন অশ্বিনে বলিং শাখাৰ শীর্ষ স্থানটো নিজৰ দখলতে ৰাখিছে৷ দক্ষিণ আফ্রিকাৰ ৰাবাডাই দ্বিতীয় আৰু অষ্ট্রেলিয়াৰ পেট কামিনছে তৃতীয় স্থান অধিকাৰ কৰি আছে৷ বলিং শাখাৰ শীর্ষ দহত স্থান লাভ কৰা ভাৰতৰ আন দুগৰাকী বলাৰ হ’ল ৰবীন্দ্র জাদেজা (চতুর্থ) আৰু যশপ্রীত বুমৰাহ (পঞ্চম)৷