নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হত্যাকাণ্ডৰ ৪৮ ঘন্টা পিছতো উদ্ধাৰ হোৱা নাই ম’ডেল দিব্যা পাহুজাৰ মৃতদেহ

বিশেষ বাৰ্তা, ৪ জানুৱাৰী : হত্যাকাণ্ডৰ ৪৮ ঘন্টা পাৰ হৈ গ’ল। তথাপি আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই ম’ডেল দিব্যা পাহুজাৰ মৃতদেহ। ক্ৰমাৎ ঘটনাটোক লৈ ৰহস্য বাঢ়িব ধৰিছে। ম’ডেলগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাটো এতিয়া আৰক্ষীৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। কেৱল দিব্যাৰ মৃতদেহেই নহয়, ম’ডেলগৰাকীৰ মোবাইল ফোনটোও উদ্ধাৰ কৰিব পৰা নাই। আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ পিছত তেওঁৰ মৃতদেহ যিখন গাড়ীত লৈ যোৱা হৈছিল, তাৰো কোনো তথ্য পোৱা নাই। প্ৰথম অৱস্থাত আৰক্ষীয়ে সন্দেহ কৰিছিল যে অভিযুক্তই দিব্যাৰ মৃতদেহ পঞ্জাবত পেলাই দিছিল। আশংকা কৰা হৈছে যে দিব্যাৰ মৃতদেহ ঘৰঘৰা নদীত উটুৱাই দিছে। গাড়ীৰে দিব্যাৰ মৃতদেহ লৈ যোৱা পথটোৰ চি চি টিভি ফুটেজ পৰীক্ষা কৰি আছে আৰক্ষীয়ে। যোৱা মঙলবাৰে নিশা গুৰুগ্ৰামৰ এখন হোটেলত হত্যা কৰা হৈছিল ম’ডেল দিব্যাক। ইয়াৰ পিছত হোটেলৰ মালিক অভিজিৎ সিং আৰু তেওঁৰ সংগী কেইজনমানে তেওঁৰ মৃতদেহ লুকুওৱাৰ অভিযোগ উত্থাপন হয়। আৰক্ষীৰ সূত্ৰ মতে, জেৰাৰ সময়ত অভিজিতে দাবী কৰে যে দিব্যাৰ মোবাইলত বহু অশ্লীল ছবি আছে। সেই ছবিখন দেখুৱাই দিব্যাই তেওঁক বাৰে বাৰে ব্লেকমেইল কৰিছিল। অভিজিতে মোবাইলৰ পাছৱৰ্ডটোও বিচাৰিছিল। কিন্তু সেই পাছৱৰ্ডটো নিদিয়াৰ বাবে ম’ডেলগৰাকীক গুলীয়াই হত্যা কৰা হয় বুলি সন্দেহ কৰা হৈছে। তদন্তকাৰী বিষয়াৰ বাবে এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে দিব্যাৰ মৃতদেহ বিচাৰি উলিওৱা। এই ঘটনাত জড়িতৰ সন্দেহত অভিজিতৰ উপৰি তেওঁৰ হোটেলৰ ওম প্ৰকাশ আৰু হেমৰাজ নামৰ দুজন কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে।

You might also like