কম বয়সীয়া মহিলাক ‘যৌন সংগী’ কৰিছিল ক্লিণ্টনে
🔹 যৌন অপৰাধৰ গোচৰত ২০০ প্রভাৱশালী ব্যক্তিৰ নাম : আমেৰিকাৰ ৰাজনীতিত পুনৰ ধুমুহা
নিয়মীয়া ডিজিটেল ডেস্ক, ৫ জানুৱাৰী : আকৌ এবাৰ আমেৰিকাৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে ‘যৌন কেলেংকাৰি’ৰ ঘটনাই৷ অৱশ্যে প্রাক্তন ৰাষ্ট্রপতি বিল ক্লিণ্টনৰ প্রসংগইহে পুনৰ গৰম কৰিছে আমেৰিকাৰ ৰাজনীতি৷ পূর্বে মণিকা লিৱিনিস্কিৰ সৈতে থকা বিবাহ বহির্ভূত সম্পর্কৰ বাবে ক্লিণ্টন কলংকিত ৰাষ্ট্রপতি হিচাপে চিহ্ণিত হৈছিল আমেৰিকাত৷ এইবাৰ আমেৰিকাৰ কুখ্যাত যৌন অপৰাধৰ গোচৰত উত্থাপন হ’ল প্রাক্তন মার্কিন ৰাষ্ট্রপতি ক্লিণ্টনৰ নাম৷ আদালতৰ নথি অনুসৰি কুখ্যাত যৌন অপৰাধী জেফ্রি এপষ্টাইনৰ বক্তব্য আছিল যে ক্লিণ্টনে যৌন সংগী হিচাপে কম বয়সীয়া মহিলাক পছন্দ কৰিছিল৷ এই নথি পোহৰলৈ অহাৰ লগে লগে আমেৰিকাৰ ৰাজনীতিত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য৷ নিউয়র্কৰ এগৰাকী বিচাৰকে জেফ্রি এপষ্টাইন সম্পর্কীয় গোচৰৰ এহেজাৰ পৃষ্ঠাৰ নথি প্রকাশ কৰিবলৈ লৈছে৷ সেই নথিক লৈয়েই সৃষ্টি হৈছে তুমুল বিতর্ক৷ বিল ক্লিণ্টন, ড’নাল্ড ট্রাম্পৰ দৰে বহু নেতাৰ নাম যৌন কেলেংকাৰিত উত্থাপন হৈছে৷ পৰহি নথিৰ প্রথমভাগ প্রকাশ কৰা হৈছে৷ ইয়াতে ২০০গৰাকী প্রভাৱশালী ব্যক্তিৰ নাম উল্লেখ পাইছে৷ এই ব্যক্তিসকলৰ ভিতৰত ৰাজনৈতিক নেতা, ধনকুবেৰ ব্যৱসায়ীও আছে৷ নাম উল্লেখ কৰা হৈছে মাইকেল জেক্সন, ৰাজকুমাৰ এণ্ড্রিউৰো৷ পোহৰলৈ অহা নথিত মুঠ ৫০বাৰ ক্লিণ্টনৰ নাম উল্লেখ কৰিছে এপষ্টাইনে৷ ইয়াৰ লগে লগে আমেৰিকাৰ ৰাজনীতিত এই বিষয়টোক লৈ আৰম্ভ হৈছে ধুমুহা৷