নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘাতক ট্রাকৰ নাছিল চালান : কয়লা সৰবৰাহত কোন এই জমিৰ?

🔹 ১২জনৰ প্রাণ কাঢ়ি নিয়া দেৰগাঁৱৰ দুর্ঘটনা

বিশেষ বার্তা,  ৫ জানুৱাৰী : দেৰগাঁৱৰ বালিজানত পৰহি পুৱতিনিশা ১২জন লোক নিহত হোৱা হৃদয়বিদাৰক পথ দুর্ঘটনাটোক লৈ দেৰগাঁও শোকস্তব্ধ হৈ আছে৷ সকলোৰে মুখে মুখে অভিশপ্ত বুধবাৰৰ দুর্ঘটনাৰ আলোচনা৷ কালিও ঘটনাস্থলীলৈ আহি মন্ত্রী, বিধায়ক, উচ্চপদস্থ বিষয়াকে ধৰি বিভিন্ন দল–সংগঠনৰ নেতা–কর্মীয়ে পৰিস্থিতিৰ বুজ লোৱা দেখা গৈছে৷ দুর্ঘটনাত পতিত বনভোজযাত্রী কঢ়িয়াই অনা আল্ট্রা বাছখন দেৰগাঁও থানাৰ সন্মুখত ৰখাৰ বিপৰীতে দুর্ঘটনা সংঘটিত কৰা কয়লাভর্তি ট্ৰাকখনো আৰক্ষীয়ে আৰক্ষী প্রশিক্ষণ কেন্দ্রৰ সমীপত জব্দ কৰি ৰাখিছে৷ থানাৰ সন্মুখত ৰখা চূর্চুমৈ হৈ পৰা আল্ট্রা বাছখনৰ পৰা দুর্ঘটনাটোৰ ভয়াৱহতা উপলব্ধি কৰি পথেৰে অহা–যোৱা কৰা যাত্রীসকলে তবধ মানিছে৷ দেৰগাঁৱৰ সচেতন ৰাইজে ভয়াৱহ দুর্ঘটনাটোৰ বাবে মূলতঃ চাৰিলেনযুক্ত ঘাইপথ নির্মাণত হেমাহি তথা সঠিক পথ নির্দেশনা দিয়াত ব্যর্থতাকে ধৰি কর্তৃপক্ষৰ দায়িত্বজ্ঞানহীনতা আৰু গাড়ীৰ তীব্রবেগকে জগৰীয়া কৰিছে৷ দুর্ঘটনাত পতিত আল্ট্রা বাছখনৰ কম বয়সীয়া চালকে সুৰা সেৱন কৰি অহাৰ পৰা বাছখন বিভিন্ন অনিয়মেৰে চলি থকা বুলি বিভিন্নজনে বিভিন্ন অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ বিপৰীতে যমদূত হৈ ভুল পথেৰে বায়ুবেগেৰে অহা দুর্ঘটনা সংঘটিত কৰা কয়লা পৰিবাহী ট্ৰাকখনক একাংশই নির্দোষী সজাবলৈ উঠি-পৰি লগা বুলি অভিযোগ পোৱা গৈছে৷ কিন্তু আৰক্ষী সূত্রে জনা মতে, কয়লা কঢ়িয়াই অনা ট্ৰাকখনৰ কোনো চালান আৰক্ষীয়ে লাভ কৰা নাই৷ যাৰ বাবে কয়লাখিনি অবৈধ বুলি ভবাৰ যথেষ্ট অৱকাশ আছে৷ ইপিনে, গাড়ীখনৰ যাৱতীয় সকলো নথি–পত্র আৰক্ষীয়ে লাভ কৰা নাই যদিও কিছু নথি–পত্র আৰক্ষীয়ে লাভ কৰিছে৷ আনহাতে, ট্ৰাকখনৰ চালক নুৰ আলম হক আছিল ট্ৰাকখনৰ মালিক আব্দুল বাৰিকৰ পুত্র৷ এই চালকজন দুর্ঘটনাত নিহত হয়৷ হেণ্ডিমেনজনে দুর্ঘটনাৰ পাছতে আন এখন গাড়ীত উঠি পলায়ন কৰে৷ এনে পৰিপ্রেক্ষিতত ট্ৰাকখনত অনা কয়লা সম্পর্কত সঠিক তথ্য উদঘাটন হোৱা নাই৷ কিন্তু এটা কথা ঠিক যে কয়লা সৰবৰাহত বাধা–নিষেধ থকা সময়ত নিশা বহুকেইখন থানা অতিক্রমি অ’ভাৰলোড কয়লা কঢ়িয়াই ট্ৰাকখন তীব্রগতিত ভুল পথেৰে আহি আছিল৷ ট্ৰাকখনৰ মালিক আৰু পলাতক হেণ্ডিমেনৰ লগত আৰক্ষীৰ ইতিমধ্যে যোগাযোগ হোৱা বুলি জানিব পৰা গৈছে৷ শেহতীয়া এক তথ্য মতে, লিডুৰ ৬নং অঞ্চলৰ ঝর্ণাবস্তিৰ পৰা জনৈক জমিৰ আলীয়ে কয়লাখিনি সৰবৰাহ কৰাইছিল৷ মন কৰিবলগীয়া যে কয়লাৰ ট্ৰাকখনত এইপর্যন্ত কোনো নথি–পত্র উদ্ধাৰ নোহোৱাত কয়লাখিনি অবৈধ আছিল বুলি দেৰগাঁৱৰ ৰাইজে সন্দেহ প্রকাশ কৰিছে আৰু এইক্ষেত্রত আৰক্ষীৰ উচ্চ তদন্ত দাবী কৰিছে৷

You might also like