নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধী ঘাঁহ খোৱা সিংহ : ভৱেশ কলিতা

👉কাইলৈ গুৱাহাটীত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক

👉মাঘ মাহত বিজেপিত যোগদান পৰ্ব জোৰদাৰ হব

👉কংগ্ৰেছী শংকৰ প্ৰসাদ ৰায়-কুলদ্বীপ বৰুৱাই যোগদান কৰিব বিজেপিত

বাৰ্তা ডিজিটেল ডেস্ক, ৯ জানুৱাৰীঃ আজি ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। সাংবাদিকৰে হোৱা মুখামুখিত সভাপতি কলিতাই কেইবাটাও বিষয়ৰ আলোকপাত কৰাৰ লগতে প্ৰধানতঃ ৰাহুল গান্ধী আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়, আচলতে ৰাহুল গান্ধীৰ বিষয় আলোচনাৰ কথা নাহে। কংগ্ৰেছৰ বাবে ৰাহুল গান্ধী সিংহ হ’ব পাৰে বিজেপিৰ বাবে নহয়। শাসনত নথকা মানুহ কিহৰ সিংহ? সিংহইতো ঘাঁহ নাখায়। কথা হল ৰাহুল গান্ধী ঘাঁহ খোৱা সিংহ। ইফালে কাইলৈ বৰ্ধিত কাৰ্যনিৰ্বাহক সন্দৰ্ভতো কয় সভাপতি কলিতাই। তেওঁ কয়, আজি জিলা সভাপতি, বিষয়ববীয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। কাৰণ কাইলৈ আছে বৰ্ধিত কাৰ্যনিৰ্বাহক ৷ বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ বৈঠকত থাকিব বৈজয়ন্ত জয় পাণ্ডা, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আদি ৷ মূলতঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ হ’ব এই বৈঠক। ইফালে দলত যোগদানৰ সন্দৰ্ভত কয় সভাপতি কলিতাই। তেওঁ কয়, জানুৱাৰী-ফেব্ৰুৱাৰী মাহত জোৰদাৰ গতিত নিৰ্বাচনী কুচকাৱাজ চলিব। বিহুৰ পাছতে অৰ্থাৎ ১৫ জানুৱাৰীৰ পাছতেই কংগ্ৰেছৰ নেতা শংকৰ প্ৰসাদ ৰায় আৰু কুলদ্বীপ বৰুৱাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব। পুহ মাহ চলি থকাৰ বাবে যোগদান কৰা নাই। যোগদান একাদিক্ৰমে চলি থাকিব। মাঘৰ মাহত জোৰদাৰ গতিত যোগদান চলিব। দুৰ্গাপূজাৰ পৰা ধাৰাবাহিকভাৱে যোগদান চলি আছে।

You might also like