ইডিৰ বিষয়াক আক্ৰমণ সন্দৰ্ভত মমতাৰ উত্তৰ লাগে গৃহ মন্ত্ৰালয়ক
বাৰ্তা ডিজিটেল ডেস্ক, ৯ জানুৱাৰীঃ শেহতীয়াকৈ পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনাত অভিযান চলাই বলৱৎকাৰী সঞ্চালকালয় (ইডি)ৰ বিষয়াসকলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। নিউজ এজেন্সী পিটিআইয়ে সূত্ৰৰ উদ্ধৃতি দি মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ৫ জানুৱাৰীৰ ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পশ্চিমবংগ চৰকাৰৰ পৰা প্ৰতিবেদন বিচাৰিছে। এই ঘটনা সন্দৰ্ভত ৰাজ্যৰ শাসকীয় টিএমচি আৰু বিৰোধী দল বিজেপিৰ মাজত বাকযুদ্ধ তুংগত উঠিছে। ৫ জানুৱাৰীৰ ঘটনা জনসাধাৰণৰ ক্ষোভৰ বাবেই সংঘটিত হোৱা বুলি দেখুৱাবলৈ চেষ্টা কৰিছে ৰাজ্য চৰকাৰৰ একাংশ মন্ত্ৰীয়ে। ৫ জানুৱাৰীত ৰাজ্যৰ ৰেচন ব্যৱস্থাত ঘোটালা সংঘটিত বুলি অভিযোগ উত্থাপন কৰি তৃণমূল কংগ্ৰেছ নেতা শ্বাহজাহান শ্বেখৰ বাসগৃহত অভিযান চলাবলৈ আহিছিল ইডিৰ দলটোৱে। এই আক্ৰমণত ৩ ইডি বিষয়া আহত হয়। আক্ৰমণৰ পিছত ইডিয়ে জনাইছিল যে আমাৰ তালাচীৰ সময়ত ৮০০-১০০০ লোকে ইডিৰ দল আৰু চিআৰপিএফৰ জোৱানক আক্ৰমণৰ উদ্দেশ্যেৰে এটা কমপ্লেক্সত আক্ৰমণ কৰিছিল। এই লোকসকল লাঠী, শিল, ইটা আদি অস্ত্ৰৰে সজ্জিত আছিল।