নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী : মহাৰত্ন অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়া ১৮৭টা কাৰিকৰী পদৰ নিযুক্তি পৰীক্ষাৰ ব্যাপক বিসংগতি আৰু অনিয়মৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ উচিত তদন্তৰ দাবীত ৫ জানুৱাৰীৰ পৰা অনশন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল। এনেতে অনশন কাৰ্যসূচী চলি থকাৰ মাজতে যোৱানিশা প্ৰায় ৯ বজাত অইল ইণ্ডিয়াৰ বহুবিতৰ্কিত ১৮৭টা কাৰিকৰী পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে বিগত বৰ্ষৰ ১১ অক্টোবৰৰ পৰা চাৰি দিনকৈ অনুষ্ঠিত হোৱা কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক খেলিমেলি আৰু বিসংগতি ধৰা পেলাইছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে গোৰ্খা ছাত্ৰ সন্থায়ো। এডুটেষ্ট নামৰ এটা গুজৰাটী প্ৰতিষ্ঠানক বক্ৰ পথেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব প্ৰদান কৰা, অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথৰ গাড়ীচালকৰ কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰা, উক্ত পৰীক্ষা কেন্দ্ৰটোৰপৰা হোৱাটছ এপযোগে প্ৰশ্নকাকত ভাইৰেল হোৱা, ভুল প্ৰশ্ন আৰু ভুল উত্তৰেৰে পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিযোগ আনিছিল সংগঠন দুটাই । পৰীক্ষাৰ পাছতেই অইল ইণ্ডিয়া লিমিটেডে যোৱা ৯ অক্টোবৰত অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্নোত্তৰসমূহ প্ৰাৰ্থীয়ে নিজে চাব পৰাকৈ মুকলি কৰি দিছিল । তাতেই প্ৰশ্নৰ লগতে উত্তৰৰ বিসংগতি ধৰা পৰে। উদাহৰণস্বৰূপে টিলিঙা মন্দিৰ অসমৰ কোনখন ‘ৰাজ্য’ত অৱস্থিত বুলি কৰা হৈছিল । প্ৰকৃততে শুদ্ধ প্ৰশ্ন হ’ব লাগিছিল টিলিঙা মন্দিৰ অসমৰ কোনখন ‘জিলা’ত অৱস্থিত ? ইয়াৰ উত্তৰ হিচাপে চাৰিটাৰ বিকল্পৰ এটা বাচনি কৰিবলৈ দিয়া হৈছিল আৰু বিকল্পকেইটা আছিল মাজুলী, যোৰহাট, শোণিতপুৰ আৰু তিনিচুকীয়া। বিখ্যাত টিলিঙা মন্দিৰ সন্দৰ্ভত কৰা এই প্ৰশ্নটোৰ উত্তৰ তিনিচুকীয়া জিলা যদিও প্ৰশ্নকাকত প্ৰস্তুতকৰ্ত্তা প্ৰতিষ্ঠানটোৱে উত্তৰটো শোণিতপুৰ জিলা বুলিহে নিশ্চিত কৰি দিয়ে। এনে ধৰণৰ বহুকেইটা প্ৰশ্ন আৰু আজৱ উত্তৰৰ লগতে অইল ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰথৰ গাড়ীচালক তথা অইল কৰ্মচাৰী ভৱেন বৰুৱাৰ তিনিচুকীয়াস্হিত উক্ত পৰীক্ষা কেন্দ্ৰটোৰ পৰা প্ৰাৰ্থীয়ে হোৱাটছএপ যোগে প্ৰশ্ন প্ৰেৰণ কৰা সংগঠন দুটাই ধৰা পেলোৱাৰ পিছতে এটাৰ পিছত এটাকৈ বিসংগতি ধৰা পৰে। এই বিসংগতিসমূহৰ উচ্চপৰ্যায়ৰ তদন্ত আৰু তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ফলাফল স্থগিত ৰখাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু গোৰ্খা ছাত্ৰ সন্থাই কেইবাটাও আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু সংগঠন দুটাৰ প্ৰতিবাদ আৰু দাবীক আওকাণ কৰি অইল ইণ্ডিয়াই যোৱানিশা ফলাফল ঘোষণা কৰে। ইফালে ফলাফল ঘোষণা কৰিয়েই আজি হঠাৎ অইল ইণ্ডিয়াৰ মুখপাত্ৰ ভৈৰৱ ভূঞাই এখন সংবাদ মেলৰ আয়োজন কৰি এই নিযুক্তি প্ৰক্ৰিয়া অতি স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন হোৱা বুলি দাবী কৰে যদিও হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন ভাইৰেল হোৱাৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে এই সন্দৰ্ভত আৰক্ষীক গোচৰ দিয়া হৈছে আৰু ইয়াৰ তদন্ত চলি আছে। জানিব পৰা মতে, অইল ইণ্ডিয়াই ২৭ অক্টোবৰতে এখন এজাহাৰ দুলীয়াজান থানাত দাখিল কৰিছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, গোচৰ ৰুজু কৰিব পৰাকৈ এজাহাৰখনত কোনো এটা দিশ আঙুলিয়াই দিয়া হোৱা নাই । যাৰ কাৰণে গোচৰ ৰুজু কৰিব পৰা নগ’ল। এই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ তদন্তৰ দাবীত যোৱা ৫ জানুৱাৰীৰপৰা অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আমৰণ অনশন কৰি থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি বিয়লি অনশন ভংগ কৰে। বিয়লি প্ৰায় ৩ বজাত অইল ইণ্ডিয়াৰ জন পৰিক্ৰমা বিভাগৰ প্ৰতিনিধি অনশনস্থলীত উপস্থিত হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু অহা ১৮ জানুৱাৰীত এখন উচ্চ পৰ্যায়ৰ আলোচনাৰ প্ৰস্তাৱ আগবঢ়ায়। এই প্ৰস্তাৱ গ্ৰহণ কৰিলেও সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মাধুৰ্য বৰুৱাই স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ দিব পৰা বিষয়াৰ লগতহে তেওঁলোক আলোচনাত বহিব। অইলৰ তৰফৰ পৰা ছাত্ৰ মুক্তিৰ এই প্ৰস্তাৱ মানি লোৱাত তেওঁলোকে ৫ দিনীয়া এই অনশন কাৰ্যসূচীৰ সামৰণি মাৰে। ইফালে সাংবাদিকৰ আগত ছাত্ৰনেতা মাধুৰ্য বৰুৱাই এই অনশন সাময়িকভাৱেহে স্থগিত ৰখা বুলি মন্তব্য কৰে। ছাত্ৰ নেতাগৰাকীয়ে কয় যে ফলাফল ঘোষণাৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম। আমি কোনোপধ্যেই এনেধৰণৰ বিসংগতিপূৰ্ণ নিযুক্তিৰ ফলাফল মানি নলওঁ । লক্ষণীয় যে অহা ১৮ জানুৱাৰীৰ আলোচনা বিফল হ’লে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সকীয়নি দিছে ছাত্ৰ মুক্তিয়ে।
অভিযোগ সন্দৰ্ভত স্পষ্টীকৰণ তথা নিয়োগ প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত অইলৰ
যোৱা ২৮ মাৰ্চত HRAQ/REC-WP-B/2023-66 (গ্ৰেড III-134, গ্ৰেড V-43, গ্ৰেড VII-10) নং বিজ্ঞাপনৰ জৰিয়তে প্ৰকাশিত চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হোৱা অভিযোগসমূহৰ সংক্ৰান্তত অইলে নিযুক্তিৰ লগত জড়িত নিৰ্দিষ্ট পদ্ধতিসমূহৰ বিষয়ে সংবাদমাধ্যমৰ জৰিয়তে ইতিমধ্যে স্পষ্ট কৰিছে। এডমিট কাৰ্ড জাৰি কৰা বিষয়ক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভত অইলে কয় যে আৰম্ভণিতে এডমিট কাৰ্ড প্ৰদানৰ সময়ত চিনাক্ত কৰা ভুলসমূহ তৃতীয় পক্ষৰ সংস্থাটোৱে ক্ষিপ্ৰতাৰে শুধৰাই দিছিল । পৰৱৰ্তী সময়ত প্ৰদান কৰা এডমিটসমূহ ভুল মুক্ত আছিল, যাৰ ফলত এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া নিশ্চিত হৈছিল। আনহাতে, উত্থাপিত আনটো অভিযোগৰ সন্দৰ্ভত অইলে আজি এক বিবৃতিৰ জৰিয়তে জানিবলৈ দিয়ে যে, ২০২৩ চনৰ ১০ অক্টোবৰত চিবিটিৰ সময়ত এগৰাকী প্ৰাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰাৰ অভিযোগ লাভ কৰাৰ লগে লগে অইলে আৰক্ষী কৰ্তৃপক্ষক এফ আই আৰ দাখিল কৰে, যাৰ ফলত প্ৰশ্নকাকতখনৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত প্ৰচাৰিত হৈছিল। তৃতীয় পক্ষৰ সংস্থাৰ সৈতে জড়িত অভিযোগসমূহৰ সন্দৰ্ভত জনাই যে, সংস্থাটোৰ নিৰ্বাচন অইলৰ দ্বাৰা নিৰ্দিষ্ট কৰা সকলো কাৰিকৰী মাপকাঠী পূৰণ কৰি এক শক্তিশালী মুকলি নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হৈছিল । এই সম্পৰ্কত কোনো চৰকাৰী ব্যৱস্থাই কোনো ধৰণৰ নেতিবাচক ইংগিত দিয়া নাছিল। কেৱল জনসাধাৰণৰ দাবীৰ ওপৰত ভিত্তি কৰি কোনো গুৰুত্বপূৰ্ণ কাৰণ নোহোৱাকৈ ব্লেকলিষ্ট কৰাৰ কোনো আইনী ভিত্তি নাই বুলি অইলে স্পষ্ট কৰে।