নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ কামৰূপৰ ছমৰেয়া উন্নয়ন খণ্ডৰ অধীনস্থ ৪৫ নং টুপামাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২/৩ টুপামাৰী প্ৰাথমিক বিদ্যালয় সংলগ্ন ছমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ ১২৫ নং অংগনৱাড়ী কেন্দ্ৰৰ মেৰামতিৰ নামত পঞ্চায়ত প্ৰতিনিধি লগতে সচিব গৰাকীয়ে চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে। চৰকাৰে ২০২২-২০২৩ বৰ্ষৰ গাওঁ পঞ্চায়তৰ পৰা ১ লাখ ৯০ হাজাৰ টকা ১২৫ নং অংগনৱাড়ী কেন্দ্ৰটো মেৰামতিৰ নামত আৱণ্টন কৰা হৈছিল যদিও নামত নিৰ্মাণ কমিটি বনাই পঞ্চায়ত প্ৰতিনিধি সকলৰ লগতে পঞ্চায়ত সচিব গৰাকীয়ে মিলি অতি নিম্নমানৰ সামগ্ৰীৰে অংগনৱাড়ী কেন্দ্ৰটোৰ নিৰ্মাণকাৰ্য্য চলাই বুলি ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। স্থানীয় সচেতন ৰাইজে অভিযোগ কৰা সত্বেও সচিব গৰাকীয়ে কাকো গুৰুত্ব নিদি পঞ্চায়ত প্ৰতিনিধি সকলৰ লগত মিলি নিজ মইমতালিৰে কাম কৰি টকা আত্মসাৎ কৰাৰ চেষ্টা চলাইছে। উল্লেখ্য যে নিৰ্মাণ সমিতিৰ সভানেত্ৰী গৰাকীৰ পৰা বেংকৰ ব্লেংক চেকত চহী লৈ আঁচনিৰ টকা উঠোৱাৰো অভিযোগ উত্থাপন ৰাইজৰ। শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই উচ্চ পৰ্য্যায়ৰ তদন্ত কৰি দুৰ্নীতিপৰায়ণ পঞ্চায়ত প্ৰতিনিধিৰ লগতে সচিব গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস