বাৰ্তা ডিজিটেল ডেস্ক, ১০ জানুৱাৰীঃ গুৱাহাটীৰ পৰাই লোকসভা নির্বাচনৰ ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷ বিজেপি কার্যকর্তাৰ সমুখত ৰাষ্ট্রীয় সভাপতিগৰাকীৰ শ্ল’গান– অৱ কী বাৰ চাৰশ পাৰ কালি নিশা গুৱাহাটীত উপস্থিত হোৱা সভাপতি নাড্ডাই আজি ৰাজ্যিক বিজেপিৰ বর্ধিত কার্যনির্বাহকত অংশগ্রহণ কৰি লোকসভা নির্বাচনৰ বাবে দলীয় কর্মকর্তাক সাজু হ’বলৈ আহ্বান জনাই কয়– ২০১৪ চনৰ পৰাই অসম তথা উত্তৰ পূবত যি পৰিৱর্তন হৈছে, সেই পৰিৱর্তনক অব্যাহত ৰাখিবলৈ পদুম ফুলক আগুৱাই নিব লাগিব৷ অসম আৰু উত্তৰ পূবৰ বাবে সুখৰ বতৰা এয়ে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমগ্র উত্তৰ পূর্বাঞ্চলক আগুৱাই নিয়াৰ বাবে পদক্ষেপ অব্যাহত ৰাখিছে৷ যাৰ বাবে সমগ্র অঞ্চটোতেই এতিয়া অভাৱনীয়ভাৱে পৰিৱর্তন হৈছে যোগাযোগ ব্যৱস্থাৰ৷ জৰাজীর্ণ বাট–পথৰ বিপৰীতে এতিয়া উত্তৰ পূবত পৰিলক্ষিত হৈছে ফ’ৰলেন পথ৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা বর্ধিত কার্যনির্বাহত উদাত্ত ভাষণেৰে ৰাষ্ট্রীয় সভাপতিগৰাকীৰ মন্তব্য– দেশৰ ৰাজনীতি এতিয়া সলনি হৈছে৷ বিশ্বৰ মঞ্চত এতিয়া শক্তিশালী ৰূপত প্রতিষ্ঠিত হৈছে ভাৰত৷ পূর্বতে ভাৰত বুলি ক’লে পাকিস্তানৰ কথাও উল্লেখ কৰিছিল বহুতে৷ কিন্তু এতিয়া দেশ শক্তিশালী ৰূপত আগুৱাই গৈছে৷ দেশত ৰাজনীতিৰ ৰূপ সলনি কৰিছে প্রধানমন্ত্রীয়ে৷ মোদীৰ ৰিপ’ট কার্ডে ৰাজনীতি কি শিকাইছে৷ যি কৈছে, সেয়া কৰিছে, নোকোৱা কামো কৰি দেখুৱাইছে৷ কিন্তু কংগ্রেছে কেতিয়াও ৰিপ’ট কার্ড দিব পৰা নাছিল৷ উন্নয়নৰ দিশেৰে কাম কৰিছে বর্তমানৰ চৰকাৰখনে৷ সেয়েহে নৰেন্দ্র মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে বিজেপি শাসনলৈ অহাটো নিশ্চিত৷ ভাষণ প্রসংগত কংগ্রেছক তীব্র ভাষাৰে সমালোচনা কৰি জে পি নাড্ডাই কয়– কংগ্রেছৰ ন্যায় যাত্রা–ভাৰত জোড়ো দৰাচলতে ভাৰত তোড়ো, অন্যায় যাত্রাহে৷ ভাৰতক ভাঙিবলৈ একো বাকী নৰখা কংগ্রেছৰ এই ভাৰতজোড়ো হাস্যকৰ৷ তেওঁ কয়– মালদ্বীপৰ সৈতে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত হোৱা বিবাদৰ সময়ত কংগ্রেছে দেশৰ স্বার্থৰ বিপৰীতে গৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সমালোচনা কৰিছিল৷ আচলতে কংগ্রেছৰ নেতৃত্বত বিৰোধীৰ এই মিত্রজোঁট স্বার্থ ৰক্ষাৰহে জোঁট৷ ইণ্ডি এলায়েন্স দৰাচলতে ক’লা ধন বছোৱা আৰু পৰিবাৰ বছোৱাৰ এক জোঁট বন্ধনহে৷ এই এলায়েন্স হ’ল পৰিবাৰ–প্রপার্টি এলায়েন্স৷ ন্যায়ৰ কথা কোৱা কংগ্রেছে ৯০ বাৰকৈ নির্বাচিত চৰকাৰ ভংগ কৰিছিল৷ ৩৫৬ অনুচ্ছেদৰ অপব্যৱহাৰ কৰি কংগ্রেছে ৰাজ্যসমূহৰ চৰকাৰসমূহ ভংগ কৰাৰ এক ৰেকর্ড কৰিছিল৷ জৱাহৰলাল নেহৰুৱে ৮বাৰ, ইন্দিৰা গান্ধীয়ে ৫১বাৰ, ৰাজীৱ গান্ধীয়ে ৬বাৰ আৰু মনমোহন সিঙে ১২বাৰকৈ নির্বাচিত ৰাজ্যিক চৰকাৰ ভংগ কৰিছিল৷ এতিয়া এই কংগ্রেছে ভাৰতজোড়ো আৰু ন্যায় যাত্রাৰ কথা কয়৷ অ’বিচিৰ হকে মাত মতা কংগ্রেছে বি আৰ আম্বেদকাৰক সংসদলৈ অহাত বাধা দিছিল৷ কিন্তু অ’বিচিসকলক মর্যদা প্রদান কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁলোকক কেৱল মাথোঁ ভোটৰ প্রয়োজন৷ ভাৰতজোড়োৰ কথা কোৱা কংগ্রেছে আফজল গুৰুৰ দৰে সন্ত্রাসবাদীৰ সমর্থনতো থিয় হ’বলৈ কুণ্ঠাবোধ কৰা নাছিল৷ ১৯৮৪ চনত শিখ হত্যা কোনে কৰিছিল? এই প্রশ্ণৰ উত্তৰ দিয়ক ন্যায় যাত্রা কৰিব বিচৰা ৰাহুল গান্ধীয়ে৷ তেওঁলোকে বগাক কেতিয়াও ক’লা কৰিব নোৱাৰে৷ ইণ্ডি এলায়েন্সত এতিয়া পৰিয়াল বছোৱাৰ বাবে নামি পৰিছে সকলো নেতা৷ দল তেওঁলোকৰ বাবে দ্বিতীয়৷ নিজৰ সতি সন্তানক লৈহে ব্যস্ত কংগ্রেছ আৰু বিৰোধী৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক উচ্চ প্রশংসা কৰি নাড্ডাই কয়– কংগ্রেছৰ কোনো এজন মুখ্যমন্ত্রীয়ে নির্বাচনত দিয়া প্রতিশ্রুতি পূৰণ কৰিব পৰা নাই৷ কংগ্রেছৰ সংস্কৃতি হৈছে নির্বাচনী ইস্তাহাৰ প্রকাশ কৰা, ভুৱা ভুৱা প্রতিশ্রুতি দিয়া, চৰকাৰ গঠন কৰি আমোদেৰে দিন পাৰ কৰা৷ ইয়াৰ বিপৰীতে অসমৰ মুখ্যমন্ত্রীয়ে প্রতিটো নির্বাচনী প্রতিশ্রুতি পালনৰ দিহা কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আমাক শিকাইছে ৰিপ’টক কার্ড ৰাজনীতি৷ সেই নীতি অনুসৰিয়েই অসমত ৯০ হাজাৰ যুৱক যুৱতীয়ে নিযুক্তি পাইছে৷ বসুন্ধৰা আঁচনিৰ জৰিয়তে খিলঞ্জীয়াই মাটিৰ অধিকাৰ লাভ কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰা অনুসৰি অসমত অবৈধভাৱে দখল কৰি থকা বনভূমি উদ্ধাৰ হৈছে৷ ভিছন ডকুমেণ্টত আমি যি কথা উল্লেখ কৰিছিলোঁ, সেয়া পালন কৰিবলৈ সক্ষম হৈছোঁ৷ বিজেপিৰ মূল নীতি হ’ল সকলোকে লৈ আগবাঢ়ি যোৱা৷ আমাৰ পৰা যদি কোনোবা আঁতৰি থাকিব বিচাৰে, তেন্তে সেয়া তেওঁৰ নিজৰ কথা৷ কিন্তু আমি সকলোকে লৈ আগবাঢ়িব বিচাৰোঁ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত সামাজিক পৰিৱর্তন, সামাজিক ন্যায় প্রতিষ্ঠা হৈছে৷ সমাজৰ শেষৰ ব্যক্তিজনৰ উন্নয়নেই হৈছে আমাৰ মূল লক্ষ্য৷ আমাৰ চৰকাৰ হৈছে মহিলা, যুৱক, দৰিদ্র, কৃষক অৱহেলিত শ্রেণীৰ বাবে৷ গোপীনাথ বৰদলৈ, লাচিত বৰফুকনৰ প্রসংগ উল্লেখ কৰি নাড্ডাই তেওঁৰ ভাষণত কয় যে পূব পাকিস্তানৰ সৈতে অসমক চামিল কৰাত বাধা দিছিল গোপীনাথ বৰদলৈ আৰু শ্যামা প্রসাদ মুখার্জীয়ে৷ শ্রীমন্ত শংকৰদেৱৰ প্রসংগ উত্থাপন কৰে ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে৷ আনহাতে মাঘ বিহুৰ শুভেচ্চা জ্ঞাপন কৰি নাড্ডাই কয়– কামাখ্যা মন্দিৰ দর্শন কৰি সভাস্থলীলৈ আহি থকাৰ সময়ত মাঘ বিহুৰ প্রস্তুতি দেখিছোঁ৷ সকলোলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ৷ অসম হ’ল ধর্ম, কর্ম, সংস্কাৰ বীৰ আৰু কলাৰ ভূমি৷ লাচিত বৰফুকনৰ প্রসংগ উত্থাপন কৰি নাড্ডাই বীৰগৰাকীয়ে কিদৰে অসমক উদ্ধাৰ কৰিছিল সেই কথাও উল্লেখ কৰে৷ ইয়াৰ পূর্বে আজি কামাখ্যা মন্দিৰ দর্শন কৰি জে পি নাড্ডাই কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷ কইনাধৰাৰ পৰাই বিশাল বাইক ৰেলীৰে ৰাষ্ট্রীয় সভাপতিগৰাকী শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ আদৰি আনে বিজেপিৰ কার্যকর্তাসকলে৷ ইফালে কার্যনির্বাহক বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাষণ প্রদান কৰি চৰকাৰৰ উন্নয়নমূলক কাম–কাজৰ বিস্তৃত ব্যাখ্যা কৰে৷