নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰমেন চৌধুৰীলৈ অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰী : অসম সাহিত্য সভাৰ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান বিশিষ্ট শিল্পী ৰমেন চৌধুৰীক প্ৰদান কৰা হ’ব। আজি অসম সাহিত্য সভাৰ ধুবুৰী আঞ্চলিক কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এই ঘোষণা কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই। সংবাদ মেলখনত আগন্তুক অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশন সম্পৰ্কেও বক্তব্য আগবঢ়ায় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে। তেওঁ কয়- অহা ১৭ জানুৱাৰীত অসম সাহিত্য সভাই কামৰূপ জিলা সাহিত্য সভাৰ উদ্যোগত, চাংসাৰিৰ উদয়ন শাখা সাহিত্য সভাৰ সহযোগত আৰু মলংবাসী ৰাইজৰ আতিথ্যত এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত দিনটো জ্যোতি দিৱস হিচাপে পালন কৰিবলৈ আগবাঢ়িছে। এই দিৱসতে সভাই প্ৰথমবাৰৰ বাবে অসম সাংস্কৃতিক জগতখনৰ বিশিষ্ট শিল্পী ৰমেন চৌধুৰীলৈ জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী সন্মান আগবঢ়াব। শিল্পী ৰমেন চৌধুৰীয়ে সমগ্ৰ জীৱনটো অসমৰ সংগীত জগতখনৰ উত্তৰণৰ অৰ্থে কৰ্ম সম্পাদন কৰি আমাৰ সাংস্কৃতিক জগতখনক সময়ৰ গতিত আগবঢ়াই লৈ গৈছে। বিশেষকৈ অসমৰ জাতি-জনগোষ্ঠীয় লোক-সংগীত সংৰক্ষণৰ দিশটোত সৰ্বাধিক গুৰুত্ব দিয়াৰ লগতে কেইবাখনো অসমীয়া বোলছবিত সংগীত পৰিচালক হিচাপে দায়িত্ব পালন কৰিছে।  উল্লেখ্য যে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিৱেশনখন ৩১ জানুৱাৰীৰ পৰা ৩ ফ্ৰেব্ৰুৱাৰীলৈ বাৰপূজীয়াৰ ঐতিহাসিক পাঁচো ৰজা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। ভাৰতবৰ্ষৰ সংস্কৃত পণ্ডিত ওড়িশাৰ অধ্যাপক ডঃ সম্পদানন্দ মিশ্ৰ মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এয়া সদৰী কৰাৰ লগতে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ শৰ্মাই আৰু কয় যে প্ৰধান অধিৱেশনখনত জাতীয় বৌদ্ধিক সন্মিলন, কবি সন্মিলন, ৰামধেনু, আকাশ, কুঁহি, নাট্য সন্মিলন, সাহিত্য সন্মিলন, জনগোষ্ঠীয় সমাৰোহ, জনগোষ্ঠীয় ছাত্ৰ-যুৱ সন্মিলন, সাংস্কৃতিক সন্মিলন, সাংবাদিক সন্মিলন, বুৰঞ্জী সন্মিলন আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি সামগ্ৰিক ৰূপত এই অধিৱেশনখনিৰ জৰিয়তে এখন আস্থা, বিশ্বাস আৰু সমন্বয়-সম্প্ৰীতিৰ অসম গঢ়িব বিচাৰোঁ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like