নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাজন ৰক্ষা; আমৃত্যু সংগ্রামৰ সংকল্প আদিবাসীৰ

-অনন্ত বৈৰাগী

আমাজনৰ বর্ষাৰণ্য ধ্বংসৰ বাবে ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰোৱে ধুনকুবেৰ উদ্যোগপতি তথা ক’পৰেট গোষ্ঠীক বিশেষ সুযোগ দিয়া ঘটনাই বিশ্বজুৰি সৃষ্টি কৰিছে প্রতিক্রিয়া৷ আমাজনৰ বর্ষা অৰণ্য ধ্বংসৰ হাৰ চৰকাৰী উদ্যোগতেই অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলিও পৰিৱেশ সংগঠনসমূহে অভিযোগ কৰি আহিছে৷ অৱশ্যে কট্টৰ সোঁপন্থী ৰাষ্ট্রপতিগৰাকীয়ে সঘনে অগ্রাহ্য কৰি আহিছে এই অভিযোগ৷ শেহতীয়া এক তথ্য অনুসৰি ২০১৯ৰ জানুৱাৰীৰ তুলনাত ২০২০ চনৰ জানুৱাৰীলৈ দুগুণ হাৰত ধ্বংস হৈছে আমাজনৰ অৰণ্য অঞ্চল৷ যোৱা বছৰটোৰ অভাৱনীয় অনাবৃষ্টিৰ পাছতেই আৰম্ভ হোৱা বনজুয়ে পৃথিৱীৰ অম্লজান ভাণ্ডাৰ হিচাপে পৰিচিত আমাজনৰ বর্ষা অৰণ্যৰ বিস্তৰ ক্ষতি কৰিছে৷ আনকি বনজুই নির্বাপণৰ ক্ষেত্রত প্রয়োজনীয় ব্যৱস্থা গ্রহণ নকৰা বুলি ব্রাজিল চৰকাৰৰ বিৰুদ্ধে পৃথিৱীজুৰি ক্ষোভৰ উদ্গীৰণ ঘটিছিল৷ বহু মূল্যৱান উদ্ভিদ আৰু দুষ্প্রাপ্য প্রজাতিৰ প্রাণীৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনে এই বনজুয়ে৷ আমাজনৰ অভ্যন্তৰৰ পৰিস্থিতি সন্দর্ভত বিভিন্ন মহলত এই বনজুয়ে সৃষ্টি কৰে উদ্বেগ৷ বিবিচিৰ এক কার্যসূচী ‘মাই ৱর্ল্ড’ৰ বাবে বিবিচিৰ সাংবাদিক ন’মিয়া ইকবালে অলপতে ব্রাজিলিয়ান আমাজনৰ বিভিন্ন অঞ্চল পৰিদর্শন কৰে৷ এই ভ্রমণৰ সময়তে ন’মিয়া অৰণ্যবাসী বিভিন্ন সম্প্রদায়ৰ লোকসকলৰ আমাজনৰ উদ্ভিদ আৰু প্রাণীকুলৰ প্রতি থকা গভীৰ প্রেমত আপ্লুত হৈ পৰে৷ অৰণ্যবাসী ভূমিপুত্রসকলে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হোৱা আমাজনক কেনেদৰে ৰক্ষা কৰিব তাক লৈ আদিবাসী সম্প্রদায়ৰ কেইবাগৰাকীও কিশোৰীৰ সাক্ষাৎকাৰ লয় ন’মিয়াই৷ ইয়াৰে আৰাৰা– কাৰো খিলঞ্জীয়া গোষ্ঠীৰ ১৪ বছৰীয়া কিশোৰী মাৰিষ্টেলা ক্লেডিয়ানেই ন’মিয়াক কয় যে অৰণ্য তেওঁলোকৰ বাবে অতি গুৰুত্বপূর্ণ৷ শেহতীয়াকৈ এই অৰণ্য অঞ্চল ধ্বংসত তেওঁলোক উদ্বিগ্ণ৷ আনকি অৰণ্যক মাতৃ আখ্যা দি মাৰিষ্টেলাই কয় যে অৰণ্য থকাৰ বাবেই আদিবাসী সম্প্রদায়সমূহে আমাজনত নিৰাপদ জীৱনযাপন কৰিবলৈ সক্ষম হৈছে৷ অৰণ্যই তেওঁলোকক জীৱন–জীৱিকাৰ সকলো উৎস প্রদান কৰিছে৷ উল্লেখনীয় যে ৯ লক্ষাধিক খিলঞ্জীয়া সৰু–বৰ গোটৰ বসতিস্থলী হৈছে এই আমাজন বর্ষা অৰণ্য৷ লেটিন আমেৰিকাৰ কেইবাখনো দেশত থকা আমাজন অববাহিকাৰ এই বর্ষা অৰণ্য অঞ্চলক ৰক্ষা কৰিবলৈ এতিয়া আৰাৰা–কাৰোৰ দৰে সম্প্রদায়ৰ তৰুণ–তৰুণীসকল সংকল্পৱদ্ধ হৈছে৷ মাৰিষ্টেলাৰ সম্বন্ধীয় ভগ্ণী ২২ বছৰীয়া জুলিয়ানা টুইটি আৰাৰাই কয় যে অকল ৰাষ্ট্রপতি ব’লছ’নাৰোৱেই নহয়, বিভিন্ন পক্ষৰ পৰা আমাজন বর্ষা অৰণ্যত আৰম্ভ হৈছে আক্রমণ৷ এয়া বৰ দুখজনক ঘটনা বুলি জুলিয়ানাই অভিহিত কৰি আমাজন বর্ষা অৰণ্যৰ কাৰণে আমৃত্যু যুঁজ দি যাব বুলিও ঘোষণা কৰিছে৷ বিবিচিৰ সাংবাদিক ন’মিয়াই আৰাৰা–কাৰোৰ কিশোৰ–কিশোৰী তথা তৰুণ–তৰুণীসকলে এই অৰণ্যৰ বাবে কি কৰিব বুলি প্রশ্ণ কৰাৰ লগে লগে মাৰিষ্টেলাই কয় যে আমাজনক ৰক্ষা কৰিবলৈ তেওঁলোকে শেষ বিন্দু তেজ থকালৈকে যুঁজ দিব৷ স্থানীয় ভাষাত জুলিয়ানা মাৰিষ্টেলাই অতি সপ্রতিভভাৱে ন’মিয়াক কয় ‘আতে আ মর্টে’ অর্থাৎ মৃত্যু পর্যন্ত যুঁজ দিবলৈ তেওঁলোক সংকল্পবদ্ধ৷ আদিবাসী সম্প্রদায়ৰ এই সংকল্পৰ বক্তব্যই এতিয়া পৃথিৱীৰ অম্লজানৰ ভাণ্ডাৰ ৰক্ষাৰ শ্লোগান হৈ পৰিছে৷

You might also like