নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমলৈ পৰিভ্রমী পক্ষীৰ আগমন

পৃথিৱীৰ পখীসমূহে ৰাজনৈতিক আৰু ভৌগোলিক সীমা অতিক্রম কৰি এখন দেশৰ পৰা অন্য এখন দেশলৈ অতি সহজে ভ্রমণ কৰিব পাৰে৷ শীতৰ প্রভাৱত খাদ্যৰ নাটনিৰ সম্ভাৱনা দেখিলেই পখীসমূহে খাদ্যসুলভ স্থানলৈ গতি কৰে, শীতৰ আগমনৰ লগে লগে অসমৰ বুকুলৈ জাকে জাকে পৰিভ্রমী পখী আহি প্রাকৃতিক পৰিৱেশ সোণত সুৱগা চৰাই তোলেহি, যাৰ বাবে অসমৰ জান–জুৰি, নৈ–বিল, খাল আৰু পথাৰসমূহত বিশ্বৰ প্রায়বোৰ দেশৰ পখীৰ আগমণ সর্বাধিক হয়৷ পখীসমূহে খাদ্য, বাসস্থান আৰু প্রজননৰ বাবে পৰিভ্রমণ কৰে বুলি প্রমাণিত হৈছে৷ আনহাতে শীতৰ সময়ত বহু দেশত ছেপ্ঢেম্বৰ শেষৰ ফালে ঠাণ্ডা হৈ পৰে আৰু ক্রমান্বয়ে সেই স্থানসমূহত খাদ্যৰ অভাৱ হয়৷ ইয়াৰ বিপৰীতে অসমৰ জলবায়ু পখীৰ বাবে উপযুক্ত হোৱাৰ মূল এটা কাৰণ হ’ল– ইয়াৰ তাপমাত্রা ১০–৩০ ডিগ্রী চেলছিয়াছ হয়, য’ত সকলো সময়তে খাদ্য সহজে গ্রহণ কৰিব পাৰে৷ একে কাৰণত শীতৰ সময়ত অন্য সময়তকৈ অধিক পখী আগমন হোৱা দেখা যায়৷ চাইবেৰীয়া, লাডাখ, মালয়েছিয়া, চীনদেশ, থাইলেণ্ড, ভূটান, ম্যানমাৰ, ইণ্ডোনেছিয়া আদি দেশৰ পৰা সহজে আগমন ঘটে৷ এনেকৈ বহু ঘাত–প্রতিঘাত, ৰ’দ–বৰষুণ বা প্রাকৃতিক দুর্যোগ অতিক্রম কৰি অসমৰ বুকুত প্রৱেশ কৰে৷ শীতৰ পৰিভ্রমী পখীসমূহে খাদ্যৰ বাবে আহে যদিও একেটা সময়ত সিহঁতৰ বহুতৰে যোৰ পতা বা প্রজননৰ সময় হয়৷ সেইবাবেই একাংশই পখীৰ পৰিভ্রমণ কৰা কাৰণ প্রজনন বা যোৰ পতা বাবে হয় বুলিও কৈ আহিছে৷ অসমলৈ শীতৰ সময়ত অহা পখীসমূহৰ ভিতৰত অধিকাংশই পানীত বা ঘাঁহনিত চৰা হাঁহজাতীয় পখী৷ উত্তৰ–পূর্বাঞ্চলৰ ভিতৰত অসমেই পখীৰ বাবে অধিক উপযুক্ত স্থান হিচাপে চিহ্ণিত হোৱাৰ এটা অতি গুৰুত্বপূর্ণ কাৰণো আছে৷ আনহাতে ভাৰতৰ ভূভাগৰ ২.৩৯ শতাংশ৷ ইয়াৰ উপৰি অসমৰ চাৰিওফালে পাহাৰীয়া ৰাজ্য যেনে অৰুণাচল, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু ত্রিপুৰা আদি ৰাজ্যসমূহে আগুৰি আছে৷ অসমৰ তুলনাত বাকী আগুৰি থকা ৰাজ্যসমূহত ওখ ওখ পাহাৰীয়া স্থানসমূহে এক গুৰুতৰ প্রভাৱ বিস্তাৰ কৰিছে৷ এই ৰাজ্যসমূহৰ তুলনাত অসমৰ জলবায়ুৰ ফালৰ পৰাও এক গুৰুত্বপূর্ণ ভূমিকা আছে৷ অসমৰ ভূ–খণ্ডৰ ভিতৰত ব্রহ্মপুত্র উপত্যকাত প্রায় ৩২খন মুখ্য উপনদী আছে আৰু ৭২ শতাংশ খাল–বিল, পথাৰ আদি সামৰি সমভূমি অঞ্চল হিচাপে গণ্য কৰা হৈছে৷ সেয়েহে উত্তৰ–পূর্বাঞ্চলক বাকীকেইখন ৰাজ্যৰ তুলনাত অসমৰ জলবায়ু পখীৰ বাবে উপযুক্ত বুলি প্রমাণিত হৈছে৷ ইয়াৰ উপৰি অসমৰ বৃষ্টিৰ পৰিমাণ গড় হিচাপে ১০০–৩০০ চেণ্টিমিটাৰমান পর্যন্ত হয়৷ ঠিক তেনেকৈ উষ্ণতাৰ ক্ষেত্রতো ১০–৩০ ডিগ্রী চেলছিয়াছলৈকে দেখা যায়৷ সেয়েহে অসমৰ ভৌগোলিক মাটিকালিৰ তুলনাত পখীৰ সংখ্যা যথেষ্ট বেছি দেখা যায়, যাৰ বাবে ৭৮,৫২৩ বর্গ কিলোমিটাৰৰ তুলনাত ৮২০টা প্রজাতি পখী দেখা যায়, যাৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত অসমৰ ভৌগোলিক স্থানত পখীৰ প্রজাতি বেছি দেখা পোৱা গৈছে৷ খাদ্য বা প্রজননৰ বাবে পখীসমূহ এখন দেশৰ পৰা অন্য এখন দেশলৈ গ’লেও সিহঁতৰ বিচৰণ কৰা স্থানসমূহ একে ধৰণে বাছি ল’ব পাৰে৷ আনহাতে অসমলৈ বিভিন্ন সময়ত প্রায় ৩০০ বিধ প্রজাতিৰ চৰাইৰ আগমন–প্রব্রজন ঘটে৷ সেইসমূহৰ ভিতৰত শীতকালীন প্রব্রজন, গ্রীষ্মকালীন প্রব্রজন, ঋতু অনুসাৰে প্রব্রজন, নির্দিষ্ট পথৰ প্রব্রজন, আংশিক প্রব্রজন, উচ্চতা অনুসৰি প্রব্রজন আৰু অনিশ্চিত প্রব্রজন৷
অসমলৈ পৰিভ্রমী পক্ষীৰ আগমন ঘটা অন্য এক সুবিধাও অতি গুৰুত্বপূর্ণ বিষয় হিচাপে স্থান পাইছে৷ ভাৰতবর্ষত পোৱা বেছিভাগ পখী ইণ্ডোচীন দেশীয় প্রজাতিৰ হোৱা দেখা যায়৷ এইসমূহ ভাৰতৰ অন্যান্য স্থানলৈ ভাৰতৰ পূর্ব দ্বাৰেৰে অসমলৈ সোমায়, যাক চিহ্ণিত কৰা হৈছে(Assam Corridor) অসম বাট নামেৰে৷ অন্য এটা বাট হৈছে(Western Corridor) পাশ্চাত্য বাট৷ শীতকালত এই বাটেদি জাকে জাকে পখী ভাৰতৰ ভূমিত অসমৰ দুৱাৰেদি সোমায়৷ ডিব্রু–ছৈখোৱাত পৰিভ্রমী পখীৰ সংখ্যা অধিক দেখা পোৱাৰ অন্য এক কাৰণ চিয়াং, চিয়াং নদীৰ গতি পথেৰে পখী আগমন ঘটাটো৷ এনেদৰে অসমৰ বুকুলৈ বিভিন্ন সময়ত বিভিন্ন ৰং–বিৰঙৰ পখীৰ আগমনে বিশ্বত এক গুৰুত্ব পোৱাৰ লগতে সকলো জলবায়ুৰ পখীয়েই অসমৰ বুকুত থাকিব পাৰে, ইয়াৰ বাবে পখীবিদসকলে অসমৰ বুকুত বহুকেইবিধমান দুষ্প্রাপ্য পখী দেখিবলৈ পোৱাৰ আনন্দ লভিছে৷ সেয়েহে অসমত বহু দুষ্প্রাপ্য পখীৰ সন্ধান পোৱাৰ এক গুৰুত্বপূর্ণ স্থান হিচাপে চিহ্ণিত হোৱাৰ পাছতো পখীসমূহ দুষৃকতিকাৰীৰ পৰা সুৰক্ষিত নহয়৷ দুষৃকতিকাৰী নির্মূল কৰি বিশ্বত অসমৰ নাম জিলিকাই তোলাৰ ক্ষেত্রত জনসাধাৰণ তথা স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি অহাৰ প্রয়োজন হৈছে৷

You might also like