ভূমিকম্পত পিছুৱাই গ’ল সমুদ্ৰ : ২৫০ মিটাৰ ভূমি উঠিল ওপৰলৈ
বিশেষ বাৰ্তা, ১৬ জানুৱাৰী : নৱবৰ্ষত ভূমিকম্পই জোকাৰি যায় জাপানৰ ন’ট’ উপদ্বীপ। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৭.৫। সেই দুৰ্যোগত ২১৩জন লোকে প্ৰাণ হেৰুৱায়। ২৬ হাজাৰ লোকক আশ্ৰয় শিবিৰত ৰখা হৈছিল। কমেও ৬০ হাজাৰ ঘৰত পানী নাই, ১৫ হাজাৰ পৰিয়ালত বিজুলী নাই। কিন্তু তাৰ পিছত যিটো জানিব পৰা গৈছে, সেয়া যথেষ্ট আশ্চৰ্যকৰ। বিশেষজ্ঞসকলৰ মতে, সেইদিনা কম্পন ইমানেই প্ৰবল আছিল যে সাগৰখন পিছুৱাই গৈছে। সাগৰৰ ওচৰত ২৫০ মিটাৰ ভূমি ওপৰলৈ উঠি আহিছে। উপগ্ৰহৰ ছবিত ধৰা পৰে এই দৃশ্য। বিশেষজ্ঞসকলে জনোৱা মতে, ভূমিকম্পৰ বাবে সাগৰ উপকূলৰ পৰা আঁতৰি গৈছে। এজন ফৰাচী ইলেক্ট্ৰনিক টেকনিচিয়ান নাহেল বেলগৰ্জে প্ৰথমে এক্স হেণ্ডলত ৪ জানুৱাৰীত লিখিছিল- জাপানৰ ন’ট’ উপদ্বীপত সোমবাৰে হোৱা ভূমিকম্পৰ তীব্ৰতা ইমানেই বেছি আছিল যে উপকূলীয় অঞ্চলত ২৫০ মিটাৰ মাটি ওপৰলৈ উঠি আহিছে। টকিঅ’ বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে জনোৱা মতে, ন’ট’ উপদ্বীপৰ উত্তৰ-পশ্চিম উপকূলৰ কমেও ১০টা ঠাইত উপকূলীয় উত্থানৰ প্ৰমাণ পোৱা গৈছে। জাপান এৰ’স্পেচ এক্সপ্ল’ৰেচন এজেন্সীৰ বিশেষ কৃত্ৰিম উপগ্ৰহ ‘এডভান্সড লেণ্ড অবজাৰ্ভিং ছেটেলাইট-২’ৰ দ্বাৰা প্ৰেৰণ কৰা ছবিতো এই বিষয়টো ধৰা পৰিছে।