নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : সুদীৰ্ঘ নটা বছৰৰ অন্তত আজি মৰিগাঁও জিলাৰ আঁহতগুৰিৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্রত পুনৰ আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ’ল ঐতিহাসিক আঁহতগুৰি ম’হ যুঁজ। ম’হৰ শিং কঁপোৱা জাৰকো নেওচি প্ৰায় ৫২ হাল গোনা ম’হৰ মাজত অনুষ্ঠিত হয় এই ঐতিহাসিক ম’হযুঁজ । আনহাতে আজি পুৱাৰ ভাগত এই ম’হ যুঁজস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড° শৰ্মাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰি ভাষণ প্ৰসংগত কয় যে, বাপতিসাহোন মাঘ বিহুৰ লগত ৰজিতা খুৱাই অসমীয়া জাতিটোৱে ভোগালী বিহুত ঐতিহ্য আৰু পৰম্পৰা পালন কৰি বিভিন্ন ৰং -ধেমালিৰ লগতে পশু- পক্ষীৰ যুঁজ অনুষ্ঠিত কৰি আহিছে। অসমত বিভিন্ন জীৱ -জন্তুৰ মাজত অনুষ্ঠিত যুঁজৰ ইতিহাস বহু পুৰণি। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰে পৰা আনুষ্ঠানিকতা লাভ কৰা এই যুঁজসমূহ ২০১৪ চনত মহামান্য উচ্চতম ন্যায়ালয়ে বাৰণ কৰিছিল। এই ঐতিহ্য আৰু পৰম্পৰা পুনৰ উদ্ধাৰৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে কেতবোৰ কঠোৰ নীতি -নিয়ম নিৰ্ধাৰণ কৰি এছ অ’ পিৰ জৰিয়তে এই যুঁজ সমূহ পুনৰ প্ৰচলনৰ ব্যৱস্থা কৰিছে। বিহুকেন্দ্ৰিক এই কাৰ্যসূচী সমূহে জাতিটোৰ কৃষ্টি-সংস্কৃতিয়ে জাতিটোক চিৰকাললৈ চহকী কৰি ৰাখিব। অসমীয়া জাতিয়ে বিশ্বৰ বুকুত বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হ’ব। ৰহাৰ বিধায়ক শশীকান্ত দাসে উদ্বোধন কৰা এই ম’হ যুঁজ প্ৰতিযোগিতাত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শৰ্মা, শিল্পী আইমী বৰুৱা, ৰাজ্য চৰকাৰৰ মুখ্য সচিৱ পৱন কুমাৰ বৰঠাকুৰ, মৰিগাঁৱৰ জিলা আয়ুক্ত দেবাশীষ শৰ্মা, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ম’হ যুঁজৰ পূৰ্বে ম’হ যুঁজ ক্ষেত্ৰত এগছি বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰত্নকান্ত ডেকাই। আনহাতে ম’হ যুঁজৰ লগত সংগতি ৰাখি জ্যেষ্ঠ সাংবাদিক নোমল দাসৰ দ্বাৰা সম্পাদিত ‘ঐতিহ্যমণ্ডিত আঁহতগুৰি ম’হ যুঁজ এক তথ্যসমৃদ্ধ ইতিবৃত্ত’ শীৰ্ষক এখনি স্মাৰক গ্ৰন্থ উন্মোচন কৰে পৰিবহণ আয়ুক্ত গৌতম দাসে। অনুষ্ঠানটোৰ আঁত ধৰে মৰিগাঁৱৰ তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱীয়ে।
প্ৰেৰক হৰি প্ৰসাদ মল্লিক