🔴কার্বি যুৱ মহোৎসৱৰ বাবে ৰাজ্য চৰকাৰে প্রতিবছৰে ৩ কোটি টকা আগঢ়াব
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ জানুৱাৰীঃ পৰম্পৰাগত লোকসংস্কৃতিৰ প্রকাশেৰে অসমৰ অন্যতম বৃহৎ সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হোৱা কার্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বর্ষ উদযাপন অনুষ্ঠানত আজি মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অংশগ্রহণ কৰে৷ ডিফুৰ তৰালাংছত আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে এই মহোৎসৱৰ জনপ্রিয়তা অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ সবলীকৰণৰ সম্ভাব্য শক্তি হিচাপে পৰিগণিত হৈছে৷ তেওঁ লগতে কয় যে যুৱপ্রজন্ম হৈছে সাংস্কৃতিক নৱজাগৰণৰ অগ্রদূত স্বৰূপ৷ কার্বি যুৱ মহোৎসৱ উত্তৰ পূর্বাঞ্চলৰ আটাইতকৈ পুৰণি জনজাতীয় মহোৎসৱসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি তেওঁ কয় যে যুৱ শক্তিক প্রাধান্যৰে ৫০ বছৰজোৰা পৰিক্রমাৰে মহোৎসৱটিয়ে কার্বিসকলৰ অনন্য সংস্কৃতিক প্রতিনিধিত্ব কৰাৰ লগতে ইয়াৰ প্রচাৰ আৰু প্রসাৰত অৰিহণা যোগাই আহিছে৷ কার্বি মহোৎসৱৰ সোণালী জয়ন্তীত কার্বিসকলৰ চহকী আৰু বর্ণিল সংস্কৃতি প্রত্যক্ষ কৰিবলৈ পাই আনন্দিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রতিকূল বতৰৰ বাবে ৰাষ্ট্রপতি দ্রৌপদী মুর্মু কার্বি যুৱ মহোৎসৱৰ অনুষ্ঠানত উপস্থিত হব নোৱাৰিলে৷ আগন্তুক বর্ষত ৰাষ্ট্রপতিৰ উপস্থিতিত অধিক বৃহৎ পৰিসৰত এই উৎসৱ উদযাপন কৰিবলৈ সক্ষম হব বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে ঘোষণা কৰে যে কার্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা প্রতিবছৰে ৩ কোটি টকাৰ আর্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে সাংস্কৃতিক পৰিক্রমা বিভাগেও এই মহোৎসৱৰ সহঃআয়োজক হিচাপে থাকিব৷ তদুপৰি ৰাজ্য চৰকাৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদক জিলাখনৰ পর্যটনখণ্ডক বিকশাই তোলাৰ দিশতো সহায় কৰিব বুলিও তেওঁ কয়৷ কার্বি আংলং জিলাৰ প্রবাদ পুৰুষসকলৰ প্রতি গভীৰ শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্রীয়ে কয় যে ১৯৭৪ চনত কার্বি যুৱ মহোৎসৱৰ বিজয় যাত্রা আৰম্ভ হৈছিল আৰু আজি ৫০ বছৰে কার্বি যুৱ মহোৎসৱে কার্বি আংলং জিলাক ঐক্যবদ্ধ কৰাৰ লগতে আন জনগোষ্ঠীসমূহক মিলনৰ ছন্দেৰে একত্রিত কৰি ৰাখিছে৷ তেওঁ লগতে কয় যে কার্বি সমাজে এখন ৰাজতান্ত্রিক সমাজক গণতান্ত্রিক ব্যৱস্থাৰ জৰিয়তে সঞ্জীৱিত কৰি ৰাখিছে, সেয়া এক প্রেৰণাৰ প্রতীক৷ কার্বি সমাজৰ মাজত এক অদ্ভুত শক্তি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে যি শক্তিয়ে কার্বি সমাজক উজ্জীৱিত কৰি ৰাখিছে আৰু বিশ্ব দৰবাৰলৈ কার্বি সমাজক আগুৱাই লৈ গৈছে৷ কার্বি যুৱ মহোৎসৱৰ এই সন্মিলিত শক্তিয়ে কার্বি আংলঙৰ নতুন প্রজন্মক আৰু অধিক আগুৱাই লৈ যোৱাৰ প্রেৰণা দিব৷ মুখ্যমন্ত্রীয়ে কয় যে কার্বিসকলৰ লোকসংস্কৃতি অতি চহকী আৰু এই চহকী সংস্কৃতিক কার্বি যুৱ মহোৎসৱৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যাব পৰা যাব৷ সোণালী জয়ন্তী বর্ষত পদাপর্ণ কৰা এই যুৱ মহোৎসৱক এক নতুন মাত্রালৈ লৈ যোৱাৰ প্রয়োজনীয়তা আহি পৰিছে৷ যোৱা ৫০ বছৰৰ সফলতা বুকুত বান্ধি কার্বি যুৱ মহোৎসৱ দেশৰ ভিতৰতে এক অগ্রণী যুৱ মহোৎসৱলৈ ৰূপান্তৰ হব পাৰিব বুলিও তেওঁ মন্তব্য কৰে৷ অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী যোগেন মহন, শক্তি আদি বিভাগৰ মন্ত্রী নন্দিতা গার্লোছা, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, কার্বি ৰজা লংছিং ৰংহাং, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱলাল গার্লোছা, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।