নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিআৰত ভয়-ভীতিৰে ৰাজনীতি কৰিছিল হাগ্ৰামাই : প্ৰমোদ বড়ো

ৰেচন কাৰ্ড বিতৰণৰ আনুষ্ঠানিক কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী : আজি অসমত শ্ৰেষ্ঠ মানৱতাৰ কাম এটা সম্পন্ন হোৱাৰ দিশে ধাৱমান হৈছে ৷ এনেকি অসমত এইটো কামে ইতিহাস সৃষ্টি হ’বলৈ গৈ আছে ৷ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত একে সময়তে ৰাজ্যত বিয়াল্লিছ লাখ দৰিদ্ৰ ৰাইজে ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে ৷ অসমৰ এজন সন্তান হিচাপে ৰাজ্যৰ প্ৰতি থকা অফুৰন্ত ভালপোৱা, শ্ৰদ্ধা-ভক্তি আৰু মানুহৰ প্ৰতি থকা মানৱতাৰ বাবেই এই কাম সফল হৈছে ৷ এইটোৱে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অচ্ছে দিন, সবকা সাথ সবকা বিকাশ।- এই বক্তব্য বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ। গোসাঁইগাঁও সদৰ চহৰৰ উত্তৰপাৰা গান্ধী ময়দানত আজি আয়োজন কৰা ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ শৰ্মাৰ বাবেই বিটিআৰত শান্তি স্থাপন, নাগৰিকৰ সুৰক্ষা আৰু প্ৰগতিৰ বাট মুকলি হোৱা বুলি উল্লেখ কৰি বিটিআৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে পূৰ্বৰ বিপিএফ চৰকাৰৰ দিনত সংঘটিত হোৱা দুৰ্নীতি, অপশাসন, ভয়-ভীতি আৰু প্ৰৱঞ্চনাৰ ৰাজনীতি অতীত হ’ল বুলি মন্তব্য কৰে ৷ ভাষণত তেওঁ বিভিন্ন জাতি-জনগোষ্ঠীৰ দৰিদ্ৰ লোকক খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে জাতি, বৰ্ণ আৰু ধৰ্মৰ ঊৰ্ধত গৈ ৰাজধৰ্ম পালন কৰা বুলি উল্লেখ কৰে। এনেকি দৰিদ্ৰ লোকৰ খাদ্যৰ লগে লগে চিকিৎসা সেৱা, খোৱা পানী যোগান, উজলা, মাইক্ৰ ফাইনেঞ্চৰ ঋণ ৰেহাই, অৰুনোদয় আঁচনি, দৰিদ্ৰ পৰিয়ালক গৃহ আৱন্টন আদিকে ধৰি বিভিন্ন আঁচনিৰ ওপৰত বক্তব্য দি আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাই দেশৰ সুৰক্ষা আৰু বিকাশত সহায় সহযোগ কৰিবলৈ আহ্বান জনায় ৷ আজি গোসাঁইগাঁও সমষ্টিত চৈধ্য হাজাৰোধিক ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা অনুষ্ঠানত বিধায়ক জিৰন বসুমতাৰী, কাৰ্যবাহী সদস্য উকিল মুছাহাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, পাৰিষদ সজল কুমাৰ সিংহ প্ৰমুখ্যে দুয়োটা দলৰ কৰ্মকৰ্তা, জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, মহকুমাধিপতি আৰণ্যক শৈয়কীয়া সহ বিটিআৰ চৰকাৰৰ বিভাগীয় সচিব আদিয়ে উপস্থিত থাকে ৷

প্ৰেৰক ৰুবুল পাঠক

You might also like