বিশেষ বাৰ্তা, ১৯ জানুৱাৰী : ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ প’লিমাৰ লিমিটেড চমুকৈ বিচিপিএলে চুবুৰীয়া দেশ ভূটানলৈ প্ৰথম ট্ৰাকভৰ্তি পলিমাৰ ৰপ্তানি সফলতাৰে সম্পন্ন কৰে। গুণগত মান আৰু উদ্ভাৱনৰ প্ৰতি দায়বদ্ধতাৰে কোম্পানীটোৰ এই পদক্ষেপ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰসাৰণৰ এক সুন্দৰ নিদৰ্শন বুলি অভিহিত কৰা হৈছে। যিয়ে বিশ্বজুৰি গ্ৰাহক, বিশেষকৈ ছাৰ্ক দেশসমূহৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে। অনন্য সংস্কৃতি আৰু ক্ৰমবৰ্ধমান অৰ্থনীতিৰ বাবে পৰিচিত ভূটানে বিচিপিএলৰ বাবে জাতিটোৰ উন্নয়নত অৰিহণা যোগোৱাৰ এক উৎকৃষ্ট সুযোগ উপস্থাপন কৰিছে। বিচিপিএল কৰ্তৃপক্ষই সদৰী কৰে যে ভূটানৰ বজাৰৰ মূল্যবোধ আৰু পছন্দৰ সৈতে এনে পলিমাৰে ভালদৰে অনুৰণন ঘটাব। কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হয় যে ভূটানত প্ৰৱেশ কৰি আমি শক্তিশালী অংশীদাৰিত্ব স্থাপন কৰা, অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰা, আৰু ব্যৱসায় আৰু গ্ৰাহকৰ সৈতে একেদৰেই স্থায়ী সংযোগ গঢ়ি তোলাৰ লক্ষ্য ৰাখিছোঁ। এই লেণ্ডমাৰ্ক ৰপ্তানিয়ে বিচিপিএলৰ নিজৰ প্ৰসাৰতা বৃদ্ধি আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশত অৰিহণা যোগোৱাৰ প্ৰতিশ্ৰুতিত এক উল্লেখযোগ্য অগ্ৰগতি চিহ্নিত কৰিছে। বিচিপিএলৰ অত্যাধুনিক সুবিধাত উৎপাদিত উচ্চমানৰ পলিমাৰে আন্তঃৰাষ্ট্ৰীয় মান মানি চলিছে, যিয়ে কোম্পানীটোৰ বিশ্বব্যাপী উৎকৃষ্টতাৰ প্ৰতি সমৰ্পণ প্ৰদৰ্শন কৰে। এই ৰপ্তানি অনুষ্ঠানৰ ফ্লেগ অফৰ সময়ত বিজয় কুমাৰ পাল (মুখ্য পৰিচালন বিষয়া), অলক বৰুৱা (মুখ্য মহাপ্ৰবন্ধক), প্ৰদীপ ৰাৱাট (জেনেৰেল মেনেজাৰ কেমিকেল এণ্ড এইচ আৰ), অভিজিৎ নাথ (উপ-জেনেৰেল মেনেজাৰ)ৰ লগতে প্ৰান্তিক শৰ্মা (মুখ্য প্ৰবন্ধক, বিপণন),অৰ্ণব জে বৰুৱা (জ্যেষ্ঠ প্ৰবন্ধক), স্বস্তিক মহন্ত (জ্যেষ্ঠ প্ৰবন্ধক) আদি উপস্থিত থাকে।
প্ৰেৰক বিভাস দুৱৰা