🔹 ঢাল-তৰোৱালবিহীন লখিমপুৰৰ বন বিভাগ
🔹 আওপুৰণি বন্দুক-বাৰুদেৰে সীমা সুৰক্ষাৰ চেষ্টা
বিশেষ বাৰ্তা, ২৩ জানুৱাৰী : অসম আৰু অৰুণাচলৰ সীমা বিবাদৰ চুক্তি স্বাক্ষৰ হ’ল যদিও চুবুৰীয়া ৰাজ্য অৰুণাচলীৰ আগ্ৰাসন এতিয়াও হ্রাস পোৱা নাই। লখিমপুৰৰ অৰুণাচল সীমান্তৱৰ্তী এলেকাত অৰুণাচলী লোকে নিতৌ অসম তথা লখিমপুৰৰ ভূমি বেদখল কৰা আৰু অসমৰ ভূমিত জংঘল কাটি তহিলং কৰা কাৰ্যই এই কথাকে প্রতীয়মান কৰি তুলিছে। লখিমপুৰৰ ৰঙা, দুলুং, কাকৈ সংৰক্ষিত বনাঞ্চলত এতিয়াও অৰুণাচলীয়ে অসমৰ বনাঞ্চল ধ্বংস কৰি শ শ হেক্টৰ ভূমি বেদখল কৰি অহা কাৰ্যই লখিমপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ঐতিহাসিক ৰঙা বনাঞ্চলৰ লগতে দুলুং সংৰক্ষিত বনাঞ্চলৰ বিশেষকৈ তাৰিয়নী বনখণ্ডৰ অন্তৰ্গত সীমান্তৱর্তী এলেকাত এতিয়াও অৰুণাচলীয়ে অসমৰ বনভূমি তথা বনাঞ্চল ধ্বংস কৰি সেই ভূমিত চাহ বাগান স্থাপনৰ চেষ্টা চলোৱা কাৰ্যই লখিমপুৰ বন বিভাগৰ অকৰ্মণ্যতাক প্ৰতীয়মান কৰি তুলিছে। উল্লেখ্য যে লখিমপুৰৰ দুলুং সংৰক্ষিত বনাঞ্চলত এতিয়া বেদখল তথা বনাঞ্চল ধ্বংস যজ্ঞ অব্যাহত আছে যদিও লখিমপুৰ জিলা প্রশাসন তথা বন বিভাগে তেনে কাৰ্য ৰোধ কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে। বিশেষকৈ ঢাল-তৰোৱালবিহীন লখিমপুৰৰ বন বিভাগে এতিয়া আওপুৰণি বন্দুক-বাৰুদেৰে সীমান্ত সুৰক্ষাৰ বাবে চেষ্টা চলাই আহিছে। লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ অধীনস্থ ৰামপুৰ, ফুলবাৰী, কাছজুলিৰ খণ্ড বন কাৰ্যালয়ৰ লগতে দুলুং সংৰক্ষিত বনাঞ্চলৰ পথালিপাম বনখণ্ডৰ অধীনত থকা তিনিটাকৈ বন শিবিৰ ক্ৰমে দুলুং, সোৱণশিৰি আৰু পদুমণিত প্ৰয়োজনীয় বনকৰ্মীৰ অভাৱত সীমান্ত তথা বনাঞ্চল ৰক্ষা কৰাত সমস্যাৰ সৃষ্টি হৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি, একোটা শিবিৰত পাঁচ-ছয়জনকৈ বনকৰ্মী থাকিব লাগে যদিও এই শিবিৰসমূহত এতিয়া দুই-তিনিজন কর্মীয়ে নিতৌ কর্ম সম্পাদন কৰি আহিব লগা হৈছে। সেইদৰে তাৰিয়নী বনখণ্ডত বৰ্তমান এজন স্থায়ী বন সুৰক্ষা কৰ্মী থকাৰ বিপৰীতে তিনিজন ফিক্সপে কৰ্মী আছে। কাকৈ সংৰক্ষিত বনাঞ্চলৰ কাকৈ বনখণ্ডৰ অন্তৰ্গত বোকানলা, দীর্ঘা, গোমনদীৰ লগতে কাকৈ বনখণ্ডৰ কাৰ্যালয়ত মুঠ পাঁচ-ছয়জনহে বনকৰ্মীয়ে সীমান্তত সুৰক্ষাৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে। তেনেদৰে জহিং বনখণ্ডৰ অন্তৰ্গত জহিং বনখণ্ডত কেৱল চাৰিজন, ঢকুৱাখনা উপ-বনখণ্ডত এজন স্থায়ী আৰু দুজন ফিক্সপে কর্মীয়ে সেৱা আগবঢ়াই আহিব লগা হৈছে। তেনেদৰে লখিমপুৰ আঞ্চলিক বন কাৰ্যালয়ত দহ-পোন্ধৰজন বিষয়া-কৰ্মচাৰী থাকিব লাগে যদিও ইয়াত এতিয়া মাত্র ছয়-সাতজন কৰ্মচাৰীয়ে সেৱা আগবঢ়াব লগা হৈছে। লক্ষণীয় কথা যে সঘনাই বনৰীয়া হাতীৰ লগতে অৰুণাচলীয়ে উপদ্রৱ চলাই অহা সীমান্তৱৰ্তী এলেকাসমূহত লখিমপুৰৰ বন বিভাগৰ বনকৰ্মীয়ে অতি আওপুৰণি থ্রী নট থ্রী ৰাইফল, দুইনলীয়া বন্দুক-বাৰুদেৰে এই সমস্যাসমূহৰ লগত যুঁজ দি আহিব লগা হৈছে। যাৰ ফলত অসমৰ বনভূমিত অৰুণাচলীয়ে সঘনাই আগ্ৰাসনৰ নীতি গ্রহণ কৰি সেই ভূমিত অৰুণাচলীয়ে বস্তি, গির্জা, বিদ্যালয়, চৰকাৰী কাৰ্যালয় আদি স্থাপন কৰি অহাৰ সুবিধা লাভ কৰিছে। এই ক্ষেত্ৰত বনকৰ্মীক আধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰি উন্নত প্ৰশিক্ষণৰ প্ৰদান কৰাৰ লগতে পৰ্যাপ্ত বনৰক্ষী নিয়োগ কৰি অসম-অৰুণাচলৰ সীমান্তৱৰ্তী এলেকাৰ ভূমি অৰুণাচলীৰ পৰা ৰক্ষা কৰিবলৈ জিলাখনৰ সচেতন ৰাইজে চৰকাৰক আহ্বান জনাইছে।
প্ৰেৰক নিতুল বৰা