নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনাম মহোৎসৱৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা,  ২৩ জানুৱাৰী : উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনা মহকুমাৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বাৰ্ষিক পালনামভাগি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। বৈষ্ণৱপীঠ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ প্ৰাংগণত বিগত ৬৭ বছৰীয়া পৰম্পৰা মানি উদযাপন কৰি অহা এই পালনামভাগি ২৪, ২৫ আৰু ২৬ জানুৱাৰীl তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টি এই পালনাম মহোৎসৱৰ কাৰ্যসূচী অনুসৰি আইসকলৰ নাম, সমূহীয়া নাম-প্ৰসংগ আৰু পালনাম, দিহানাম আদিৰ আয়োজন কৰা বুলি উৎসৱ উপ-সমিতিৰ সভাপতি যগেশ্বৰ চুতীয়া আৰু সম্পাদক অভিজিত দেৱ গোস্বামীয়ে জানিবলৈ দিছে। পালনাম মহোৎসৱৰ তিনিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে। উক্ত তিনিদিনীয়া পালনাম কাৰ্যসূচীত নগাঁও বালিসত্ৰৰ সত্ৰীয়া ৰাজু দেৱ গোস্বামী, কলিয়াবৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল গোস্বামী, নগাঁও আইভেটিৰ বুবুল মহন্ত, মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰৰ ভৰত মহন্ত, মাজুলী নৰসিংহ সত্ৰৰ বিপুল মহন্ত আদিয়ে দুহাচাৰ্য কৰাৰ লগতে কেইবাখনো সত্ৰৰ কেইবাগৰাকী ব্যক্তিয়ে পাঠাচাৰ্য কৰিব। পালনামৰ তিনিওটি দিনৰ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ভকত-বৈষ্ণৱসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতি আৰু শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ পৰিচালনা সমিতিয়ে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like