নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব বিনামূলীয়া জীৱন বীমা : মুখ্যমন্ত্ৰী

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যোৰহাটত ৬৩২৮ মহিলাক ৰেচন কাৰ্ড বিতৰণ

বিশেষ বাৰ্তা, ২৩ জানুৱাৰীঃ বিজেপি দলে গ্ৰহণ কৰা প্ৰতিটো আঁচনিৰ মূল লক্ষ্য অন্ত্যাদয়। বিজেপি দলৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মূল কাৰ্যসূচী হল লক্ষ্য অন্ত্যাদয়,পন অন্ত্যাদয় আৰু পথ অন্ত্যাদয়। অন্ত্যাদয় মনেই হল সমাজৰ শেষৰ গৰাকী ব্যক্তিৰ জীৱনলৈ সুৰুজৰ কিৰণ কঢ়িয়াই অনা। সমাজৰ শেষৰ জন ব্যক্তিয়ে নিজকে সমাজৰ শেষৰ জন ব্যক্তি বুলি যাতে অনুভৱ নকৰি সমাজৰ প্ৰথম গৰাকী ব্যক্তি হিচেপে অনুভৱ কৰে তাৰ বাবে অসম চৰকাৰ খনে অন্ত্যাদয়ৰ লক্ষ্যৰে কাম কৰে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আজি যোৰহাটৰ নতুন হিতাধকৰিক ৰেচন কাৰ্ড প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে। এই উদ্দেশ্যে যোৰহাট জিলা ক্ৰিয়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত বিশাল জনসভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, কভিদৰ সময়ত ভাৰতৰ প্ৰধান মন্ত্ৰীৰ বিনামূলীয়া চাউলৰ জৰিয়তে সংকটৰ সময়ত আমাৰ মাজত সাৰথি হিচাপে থিয় দিছে।প্ৰধান মন্ত্ৰী গৰাকীয়ে কভিডৰ সময়ত ভাৰতৰ এশ কোটি লোকক বিনামূলীয়া চাউল যোগান ধৰি সেই সময়ত পৰিবেশ পৰিস্থিতিত মোকাবিলা কৰিবৰলৈ সাহস যোগাইছিল।সেই সময়ত মই স্বাস্থ মন্ত্ৰী হৈ আছিলো আৰু অসমৰ বিভিন্ন চিকিৎসালয় লৈ গৈ বহু লোকে বিনামূলীয়া চাউল লাভ কৰা নাই বুলি জানিব পাৰিছিলো। ৰেচন কাৰ্ড নথকাৰ বাবে তেতিয়া এই সুবিধাৰ পৰা তেওঁ লোক বিনামূলীয়া চাউল ৰ পৰা বঞ্চিত হৈছিল।সেই কথা চিন্তা কৰিয়েই নিম্ন মধ্যবিত্ত সমাজৰ প্ৰতি জন ব্যক্তিৰ ঘৰত একোখন ৰেচন কাৰ্ড যাতে থাকে সেই কৰ্ম যজ্ঞ গ্ৰহণ কৰিছিলো বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয় যে যোৰহাট সমষ্টিত তেতিয়া ১,৭৭,৬৫১টা পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিছিল। ইয়াৰ মাজতো ৩৪,৪৮৪টা পৰিয়ালৰ ৰেচন কাৰ্ড নাছিল। আজি আমি প্ৰত্যেকটো পৰিয়ালৰ হাতত ৰেচন কাৰ্ড তুলি দিয়াৰ লগতে প্ৰধানমন্ত্ৰী প্ৰত্যেকটো আঁচনিৰ সুবিধা যাতে লাভ কৰিব পাৰে তাৰ নতুন পথ প্ৰশস্ত কৰি দিব বিচাৰিছোঁ। অসম চৰকাৰে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যোৱা ১৬ জানুৱাৰীৰ পৰা নতুনকৈ ৪২ লক্ষাধিক নতুন হিতাধিকাৰী অন্তৰ্ভুক্তি কৰি ১০ লাখ পৰিয়ালক বিনামূলীয়া অন্ন সেৱা আগবঢ়াবলৈ ৰেচন কাৰ্ড তুলি দিছোঁ। সম্প্ৰতি ৰাজ্যৰ বিধানসভা সমষ্টিসমূহ পুনৰ বিন্যাস হোৱাৰ পিছত যোৰহাটতো সমষ্টি নতুন ধৰণে গঠন কৰা হৈছে। আজি এই সভাত নৱগঠিত সমষ্টিটোৰ ৬৩২৮গৰাকীক ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে ২৩ হাজাৰৰ অধিক পৰিয়াল উপকৃত কৰা হব। আজি ৰেচন কাৰ্ড লাভ কৰা হিতাধাকাৰি সকলে অহা ৩১জানুৱাৰী লৈ চলিত মাহৰ চাউল লব পাৰিব।প্ৰত্যেক মাহৰ অন্ন সেৱা সপ্তাহত এই চাউল প্ৰদান কৰা হয়।প্ৰতিটো অন্ত্যাদয়া অন্ন যোজনাৰ পৰিয়ালে প্ৰতিমাহে ৩৫ কিলোগ্ৰামকৈ আৰু অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতি গৰাকী সদস্যই প্ৰতি মাহে ৫ কিলোগ্ৰামকৈ চাউল লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণত উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰেচন কাৰ্ড থকা লোক সকলে প্ৰধান মন্ত্ৰী উজ্জলা যোজনাৰ সুবিধা লাভ কৰিব।উজ্জলা যোজনাৰ অধীনত তেওঁ লোকে বিনামূলিয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰাৰ লগতে প্ৰতি মাহে চিলিন্দৰ ক্ৰয় কৰাৰ সময়ত ৩০০ টকা ৰেহাই লাভ কৰিব। তদুপৰি ৰেচন কাৰ্ড থকা লোকসকলক আয়ুষ্মন ভাৰত আৰু আয়ুষ্মন অসমৰ কাৰ্ড প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যেতিয়ালৈকে আয়ুষ্মন কাৰ্ড লাভ নকৰে, তেতিয়ালৈকে ৰেচন কাৰ্ডৰ জৰিয়তে চিকিৎসাৰ ক্ষেত্ৰত মেডিকেল অথবা নিদিষ্ট নাৰ্চিং হোমত ৫লাখ টকালৈকে চিকিৎসা সেৱা লাভ কৰিব। পূৰ্বে ৰেচন কাৰ্ড ৰ জৰিয়তে কেবল বিনামূলীয়াকৈ চাউল লাভ কৰিছিল এতিয়া চাউলৰ লগতে গেছৰ সংযোগ ৫ লাখ টকা লৈকে আয়ুষ্মন ভাৰত অথবা আয়ুষ্মন অসমৰ সুবিধা লাভ কৰিব। ৰেচন কাৰ্ডৰ জৰিয়তে আগন্তুক সময়ত আন কেইবাটও নতুন সুবিধা সংযোজন কৰাৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- ৰেচন কাৰ্ড থকা লোকসকলক আমি জীবন বীমা আৰু দুৰ্ঘটনা বীমা বিনামূলিয়া কৰি দিব খুজিছোঁ।প্ৰধানমন্ত্ৰী বীমা যোজনাত বছৰি ২০ টকাকৈ আদায় দিলে দুৰ্ঘটনাৰ পিছত ২লাখ টকাৰ সাহায্য লাভ কৰে।তেনেদৰে যিমান ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে আমি তেওঁলোকক জীবন বীমা আৰু দুৰ্ঘটনা বীমাৰ সুবিধা চৰকাৰী প্ৰিমিয়ামত কৰি দিয়াত বাবে চেষ্টা কৰিম। অসমত ২৭ লাখ পৰিয়ালে অৰুনোদইৰ আঁচনি লাভ কৰি আহিছে।কিন্তু ৰেচন কাৰ্ড থকা পৰিয়ালৰ সংখ্যা ৫২ লাখ। সেইহে ৰেচন কাৰ্ড থকা পৰিয়ালৰসমূহেও যাতে অৰুনোদয়ৰ আঁচনিত অন্তৰ্ভুক্তি কৰিব পৰা যায় সেই দিশটো ৰাজ্য চৰকাৰে চেষ্টা চলাব। ২০২৬ চনৰ পূৰ্বে এইয়া কাৰ্য্যকৰি কৰা হব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। আজিৰ দিনত অসমৰ পৰিবেশ সলনি হোৱা বুলি উল্লেখ কৰি ড০ শৰ্মাই আৰু কয় যে,ইতিমধ্যে এক লাখ নিবনুৱাই চাকৰি লাভ কৰিলে।কিন্তু পইচা দি চাকৰি লোৱা নাই । আৰু ৩৫ হাজাৰক নিযুক্তি দিয়া হব। ৰাজনীতি কৰা মানুহে এতিয়া চাকৰি দিব নোৱাৰে। আজিৰ দিনত পঢ়া শুনা কৰিহে চাকৰি লাভ কৰিব পাৰে।আনে পৰিবেশ পূৰ্বতে নাছিল বুলি উল্লেখ কৰি তেওঁ চাকৰি পোৱা আৰু পঢ়াৰ পৰিবেশ সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।অসমত দুৰ্নীতি আৰু দুখীয়াৰ ওপৰত অত্যাচাৰ বন্ধ কৰা হৈছে বুলি মন্তব্য কৰি অহা মাহত বসুন্ধৰা আঁচনিৰ অধীনত মানুহক মাটিৰ পত্তা দিয়া হব বুলি কয়।১৬ ৰ পৰা ২২ ফেব্ৰুৱাৰীত তিনি লাখ মানুহক মাটিৰ পট্টা দিয়া হব বুলি ভাষণত উল্লেখ কৰি তেওঁ মাত্ৰ পাঁচ শ টকা দিয়ে এতিয়া অসমত মানুহে মাটিৰ পট্টা লাভ কৰা বুলি মন্তব্য কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই যি সকলে বসুন্ধৰা নাপালে তেওঁ লোকৰ বাবে বসুন্ধৰা ৰ তৃতীয় পয্যাই আৰম্ভ কৰিব বুলি কয়। তেওঁ যোৰহাটৰ বাবে গ্ৰহণ কৰা উন্নয়ন মূলক অভিলাশি আঁচনি সমূহৰ বিষয়েও উল্লেখ কৰি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰক নতুন ৰূপত স্বাধীন সংগ্ৰামীসকলৰ স্মৃতি যুগমীয়া কৰা,হোলোঙাপাৰত দেশৰ ভিতৰত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন,যোৰহাট মাজুলী সংযোগী দলং, মাজুলী আৰু বিহপুৰিয়াৰ মাজত দলং, কাজিৰঙৰ ওপৰত ৩২কিলো মিটাৰ দৈৰ্ঘৰ উৰণ সেঁতু,গোলাঘাটৰ পৰা কমাৰবন্ধা হৈ গহপুৰলৈ পানীৰ তলৰ সুৰঙ্গ ৰ মাজৰে যাব পৰা ব্যবস্থা কৰাৰ কথা উল্লেখ কৰে।প্ৰস্তিবিত কাম সমূহ ২০২৬চনৰ আগতে আৰম্ভ কৰি ২০৩০চনৰ আগতেই অসমৰ ৰাইজে দেখা পাব বুলি কয়। অসমৰ সকলো স্থানতে বিকাশৰ এক নতুন যজ্ঞ আৰম্ভ হৈছে আৰু এই বিকাশৰ ঢল বোৱাই নিয়া হৈছে যাতে, অসম ভাৰতৰ ভিতৰত সৰ্ব শ্ৰেষ্ঠ ৰাজ্য হব পাৰে।তেওঁ আজি প্ৰতীকীভাবে ২০গৰাকী মহিলাক ৰেচন কাৰ্ড প্ৰদান কৰে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে খাদ্য সুৰক্ষা আইনৰ অধীনত বৰ্তমান ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দূৰদৰ্শী আৰু অভিলাসি আঁচনি খনৰ সন্দৰ্ভত আলোকপাত কৰে। ৰেচন কাৰ্ড প্ৰদান অনুষ্ঠানত যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈয়েও ভাষণ প্ৰদান কৰে। অনুষ্ঠানটোত বিত্তমন্ত্ৰী অজন্তা নেওগ, সাংসদ কামাখ্যাপ্ৰসাদ তাছা, বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, জিলা কংগ্ৰেছৰ সভাপতি হেমন্ত কলিতা, পৌৰনেত্ৰী লখিমী খাৰঘৰীয়া, উন্নয়ন প্রধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী, জিলা আয়ুক্ত প্ৰশান্ত জ্যোতি গোস্বামী প্ৰমুখ্যে ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

প্ৰেৰক ৰঞ্জিত ভূঞা

You might also like