নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰী : লোকসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধি তৎপৰ হৈ পৰিছে বিজেপি। ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ অসমৰ উদ্যোগত হাজোত আজি অনুষ্ঠিত হৈছে পদযাত্ৰা আৰু জনসভা। ৰাইজৰ মাজলৈ গৈ বিজেপিৰ কৰ্মকৰ্তাসকলে চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ লগতে মহিলাসকল লাভান্বিত হোৱা আঁচনিসমূ্হৰ বিষয়ে অৱগত কৰি ভোটাৰ ৰাইজৰ মন জয় কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে। কুলহাটী বাসুদেৱ মন্দিৰৰ পৰা অনুসূচিত জাতি মৰ্চা অসমৰ উদ্যোগত তদুপলক্ষে উলিওৱা এক পদযাত্ৰা তীৰ্থনগৰী হাজোৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ পাখামেলা চ’ক-বজাৰ হৈ কৈৱৰ্তটোলাত সামৰণি পৰে। ইয়াৰ পিছতে হাজোৰ কৈৱৰ্তটোলাত অনুষ্ঠিত এক সভাত অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি মুন স্বৰ্ণকাৰ, উত্তৰ কামৰূপ জিলা বিজেপিৰ সভাপতি সুবল পাল, অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ কামৰূপ জিলাৰ অধ্যক্ষ নীলকান্ত দাস, এছ চি মৰ্চাৰ ৰাষ্ট্ৰীয় সম্পাদক নিলোপম দাস, বিজেপি নেতা নগেন মালাকৰ, পৰমী দাস, বিপুল দাস, নিৰঞ্জন পাটোৱাৰী, ভূপেন কলিতা, জয়ন্ত শইকীয়াকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকি বিজেপিৰ উন্নয়নমূলক আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰে।
প্ৰেৰক শ্বাহজাহান ইছলাম