নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেঙাখাত উন্নয়ন খণ্ডত মন্ত্ৰী ৰঞ্জিত দাসৰ ছাডেন ভিজিট

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি টেঙাখাত উন্নয়ন খণ্ড কাৰ্যালয়ত হঠাৎ ভিজিট কৰি কাৰ্যালয়ৰ চৰকাৰী আঁচনিৰ অধীনত চলি থকা কাম-কাজৰ বুজ লয়৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত জনোৱা মতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলক কৰ্মত আগবাঢ়ি যাবলৈ মনোবল আৰু উৎসাহ যোগাবলৈ কাৰ্যালয়টোলৈ অহাৰ কথা জনায়৷ মন্ত্ৰীগৰকেয়ে ইয়াকো জানিবলৈ দিয়ে যে জিলাখনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আধীনত হিতাধিকাৰীয়ে লাভ কৰা গৃহ নিৰ্মাণৰ কামৰ লগতে অনান্য আঁচনিৰ আধৰুৱা কাম ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ লক্ষ্য কৰি লোৱা হৈছে ৷ কাৰ্য্যালয়টোৰ দায়ীত্বত থকা কৰ্মচাৰীসকলক নিৰ্দিষ্ট তাৰিখৰ ভিতৰত আঁচনিৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰিবলৈ জনোৱাৰ লগতে অন্যথাই শাস্তিমূলক বদলি কৰা হব বুলি সকীয়াই দিয়ে ৷ ইয়াৰ পাছতে টিংখাঙলৈ যোৱাৰ কথা মন্ত্ৰীগৰকীয়ে জানিবলৈ দিয়ে৷

প্ৰেৰক দীপক গগৈ

You might also like