নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কূটাঘাতৰ আশংকাত শিৱসাগৰত কটকটীয়া নিৰাপত্তা

✅হাট-বজাৰ-ডাষ্টবিন-নৰ্দমাত আৰক্ষীৰ জোৰদাৰ তালাচী
✅অভিযানত নামিছে স্নিফাৰ ডগ
✅অভেদ্য দুৰ্গত পৰিণত শিৱসাগৰ চহৰ

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ দেশজুৰি পালিত হবলগীয়া গণৰাজ্য দিৱসক লৈ শিৱসাগৰ আৰক্ষীয়ে সমগ্ৰ জিলাখনতেই কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলিছে ৷ যোৱা ৯ ডিচেম্বৰত শিৱসাগৰ চহৰৰ সমীপৰ জয়সাগৰৰ চি আৰ পি এফ শিবিৰত সংঘটিত চাঞ্চল্যকৰ গ্ৰেনেড বিস্ফোৰণ আৰু একেটা মাহৰ ২২ ডিচেম্বৰত গ্ৰেনেড বিস্ফোৰণৰ লগত জড়িত সন্দেহজনক আলফাৰ লিংকমেন পল্লৱজ্যোতি গগৈ আৰক্ষীৰ হাতত দেওপানী বনাঞ্চলত এনকাউন্টাৰত আহত আৰু ৯জনকৈ লিংকমেন আৰক্ষীৰ জালত পৰাৰ পিছতেই গণৰাজ্য দিৱসক লৈ বিশেষ তৎপৰতা অৱলম্বন কৰিছে শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে৷ কোনো ধৰণৰ ৰিস্ক লব নিবিচৰা শিৱসাগৰ আৰক্ষীয়ে সম্ভাৱ্য যি কোনো কূটাঘাতৰ আশংকাতেই ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ ইতিমধ্যে প্ৰতিখন আৰক্ষী থানা আৰু চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই ৰূদ্ধধাৰ বৈঠকত মিলিত হোৱাৰ অন্তত যুগুত কৰা বিশেষ ৰণকৌশলৰ ভিত্তিতেই আৰম্ভ কৰিছে এই বিশেষ অভিযান ৷জানিব পৰা মতে প্ৰতিখন আৰক্ষী থানাৰ অন্তৰ্গত সৰু সৰু একো একোটা বিশেষ তালাচী অভিযানৰ গোট গঠন কৰি আজি পুৱাৰে পৰা আৰম্ভ কৰিছে নিশ্ছিদ্ৰ তালাচী অভিযান ৷সচৰাচৰ মানুহৰ দৃষ্টিত নপৰা পৰিত্যক্ত স্থান সমুহত আতংক সৃষ্টিৰ বাবে যাতে কোনো ধৰণৰ বিস্ফোৰণ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰা শিৱসাগৰ আৰক্ষীয়ে এইবাৰৰ তালাচী অভিযানত মূলত পৰিত্যক্ত, অব্যৱহৃৰ্ত স্থান সমুহক বিশেষ ভাৱে লক্ষ হিচাবে লৈছে ৷যাৰ বাবে আৰক্ষীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ মিটেল ডিটেক্টৰ, স্নিফাৰ ডগৰ লগতে আধুনিক বিস্ফোৰক চিনাক্তকৰণ আহিলা লৈ জাবৰ পেলোৱা স্থান, পদপথৰ তলৰ নৰ্দমা, ডাষ্টবিন, পৰিত্যক্ত জিৰণী চৰা, পথৰ কাষত থকা জাবৰৰ দম, ফুটুকানি হাবিত নামি চলাইছে এই অভিযান৷ ইফালে আলফা স্বাধীনৰ এটা সন্দেহজনক বিস্ফোৰণৰ বিপৰীতে শিৱসাগৰ আৰক্ষীয়ে ৯ জনকৈ আলফাৰ লিংক মেনক গ্ৰেপ্তাৰ, এজনক এনকাউন্টাৰ ইত্যাদি বিষয় বোৰে স্বাভাৱিকতেই শিৱসাগৰ আৰক্ষী বনাম আলফা স্বাধীনৰ যুযুধ্যান স্থিতিকেই প্ৰকট কৰি তুলিছে৷ আন নালাগে প্ৰতিশোধৰ দাবানলক দগ্ধ আলফা স্বাধীনৰ পৰৱৰ্তী লক্ষ্য শিৱসাগৰ চহৰ তথা জন্ম স্থান শিৱসাগৰত আলফাই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে যি কোনো পৰ্য্যায়লৈ যাব বুলি সৰৱ চৰ্চা চলি থকাৰ মাজতেই গণৰাজ্য দিৱসৰ প্ৰাকমুহুৰ্ত্বত শিৱসাগৰত তুংগত উঠিছে আৰক্ষীৰ অভিযান ৷কেৱল শিৱসাগৰ চহৰ খনতেই আজি দুপৰীয়াৰ পৰা মুঠ বিশটা গোটে পৃথকে পৃথকে বোমা নিস্ক্ৰিয় তথা চিনাক্তকৰণৰ দলৰ সহায়ত চলাইছে জোৰদাৰ তালাচী৷ এক প্ৰকাৰৰ তলৰ মাটি ওপৰ কৰা শিৱসাগৰ আৰক্ষীয়ে সন্ধিয়াৰ পৰা সমগ্ৰ চহৰ খনৰ প্ৰতিটো প্ৰৱেশ-প্ৰস্থান পথতেই তালাচী চকী স্থাপন কৰি সকলো যান-বাহনত তীব্ৰ তালাচী চলাইছে ৷ইফালে কাইলৈ গণৰাজ্য দিৱসৰ মূল কেন্দ্ৰীয় পতাকা উত্তোলনস্থলী বৰ্ডিং খেল পথাৰৰ চৌপাশে ব্যাপক নিৰাপত্তাৰ বেষ্টনী গঢ়ি তুলাৰ লগতে সমগ্ৰ খেল পথাৰ খন বিগত এটা সপ্তাহ ধৰি ফ্লাড লাইটৰ পোহৰত ৰাখিছে ৷শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই নিজেই তালাচী অভিযানৰ তদাৰক কৰাৰ লগতে বিষয়া গৰাকীৰ নেতৃত্বতো ভ্ৰাম্যমান এটা দলে তীব্ৰ তালাচী চলাই থকাৰ উপৰি নিশাৰ তালাচীত বিশেষ কামাণ্ডোৰ দল নিয়োগ কৰাৰ বাতৰি আহিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like