নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্যভংগ আলোচনাপন্থী আলফাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বৈঠক

প্রাক্তন কেডাৰ আৰু পৰিয়ালৰ সদস্যৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি দিছপুৰৰ লোক সেৱা ভৱনত সদ্যভংগ আলফাৰ আলোচনাপন্থী গোটৰ ১৩জনীয়া প্রতিনিধি দলৰ সৈতে এক বৈঠকত মিলিত হৈ প্রাক্তন কেডাৰসকলৰ পুনৰ সংস্থাপনৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰে৷ বৈঠকত সদস্যসকলৰ এক সন্মানজনক জীৱন-যাপনত সহায়ৰ বাবে প্রতিনিধি দলটোৱে উত্থাপন কৰা দাবীসমূহৰ ওপৰত আলোচনা কৰা হয়৷ দাবীসমূহ অৱগত হোৱাৰ লগে লগে মুখ্যমন্ত্রী ড০ শৰ্মাই এই দাবীসমূহ ক্ষিপ্রতাৰে মীমাংসা কৰি পুনৰসংস্থাপনৰ ব্যৱস্থা গ্রহণ কৰা হব বুলি কয়৷ তেওঁ কয় যে প্রাক্তন কেডাৰ আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক এক সন্মানজনক জীৱন-যাপন কৰাত সহায় কৰাৰ বাবে তেওঁলোকৰ বিষয়সমূহ ইতিবাচক উদ্দেশ্যৰে চোৱা-চিতা কৰা হব৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে যোৱা ২৯ ডিচেম্বৰত কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আলফাৰ আলোচনাপন্থী গোটৰ মাজত স্বাক্ষৰিত হোৱা ত্রিপাক্ষিক বুজাবুজিৰ চুক্তিখন ক্ষিপ্রতাৰে ৰূপায়ণৰ বাবে তেওঁ আন্তৰিকতাৰে কার্যব্যৱস্থা গ্রহণ কৰিব৷ প্রতিনিধি দলটোৰ নেতৃত্ব বহন কৰিছিল সভাপতি ৰাজীৱ ৰাজকোঁৱৰ আৰু সাধাৰণ সম্পাদক গোলাপ বৰুৱাই৷ বৈঠকত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পুৰুষোত্তম দাস যোশী, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন নাথকে ধৰি গৃহ বিভাগৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে৷

You might also like