নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী-দ্বিবাৰ্ষিক অধিৱেশনৰ শুভাৰম্ভ

বাৰ্তা বুৰো,  ২৭ জানুৱাৰী : মৰিগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ। আজিৰে পৰা মৰিগাঁও চহৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী উৎসৱত এইবাৰ আধুনিকতাক পৰিহাৰ কৰি মূল মঞ্চ, মণ্ডপ, তোৰণ আদি নিৰ্মাণকাৰ্যত প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰী ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী আৰু দ্বি-বাৰ্ষিক অধিৱেশনৰ উদযাপন সমিতিৰ সভাপতি অশোক শৰ্মা, সম্পাদক দিব্যজ্যোতি হাজৰিকাৰ নেতৃত্বত ব্যতিক্ৰমী চিন্তাৰে কৃত্ৰিম সামগ্ৰীৰ সলনি নিৰ্মাণকাৰ্যত প্ৰাকৃতিকভাৱে উপলব্ধ উপাদানক গুৰুত্ব আৰোপ কৰি মহাৰজত জয়ন্তী উৎসৱথলীৰ পৰাই সমগ্ৰ ৰাজ্যলৈ এটা নতুন বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। আনহাতে, আজি পুৱা অৱসৰপ্ৰাপ্ত কনিষ্ঠ কৃষি বিষয়া পূৰ্ণানন্দ শইকীয়াই ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰি প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ পিছত প্ৰাক্তন সহকাৰী কৃষি সঞ্চালক কাতিৰাম চলিহাই পবিতৰা অভয়াৰণ্যৰ প্ৰতীক পট আৰু প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক লম্বিত চন্দ্ৰ লৰে কৃষিপথাৰৰ প্ৰতীকপট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ইয়াৰ পিছতেই আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকা আৰু তেওঁৰ পৰিয়ালে প্ৰয়াত পিতৃ-মাতৃ আদৰ্শ কৃষক ফাগুনা হাজৰিকা আৰু সোন্তি হাজৰিকাৰ সোঁৱৰণত নিৰ্মাণ কৰা মূল তোৰণ উন্মোচন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশীস শৰ্মাই। আদৰ্শ কৃষক প্ৰয়াত শিশুৰাম হাজৰিকা সমন্বয় ক্ষেত্ৰ নামৰে নামকৰণ কৰা মৰিগাঁও মহাবিদ্যালয় খেলপথাৰৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী উৎসৱস্থলী আনুষ্ঠানিকভাৱে উন্মোচন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাৰ মাতৃ তথা সৰবৰহী মহিলা প্ৰমীলা হাজৰিকাই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ প্ৰাক্তন কৃষি বিষয়া লক্ষ্মী নাৰায়ণ দেৱ মিশ্ৰই। ইয়াৰ পিছতেই মৰিগাঁও জিলা কৃষি বিষয়া তথা আদৰণী সমিতিৰ সভাপতি অশোক শৰ্মাই মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ মূল কাৰ্যালয় উন্মোচন কৰাৰ পিছতেই আজি দিনটোৰ মূল কাৰ্যসূচী ৭৫খন পতাকা উত্তোলন কৰে। সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সভাপতি বুদ্ধ কুমাৰ নাথে মূল পতাকাৰ লগতে ৭৪গৰাকী বিশিষ্ট ব্যক্তিয়ে আন ৭৪ খন পতাকা উত্তোলন কৰে।ইয়াৰ পিছতেই শ্বহীদ তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সভাপতি ৰাজেন ডেকাই আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সাধাৰণ সম্পাদক গোপাল হাজৰিকা আৰু মৰিগাঁও জিলা শাখাৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হাজৰিকাই। প্ৰয়াত সৰুফুল দেউৰী সোঁৱৰণী মূল মণ্ডপ, প্ৰতিনিধি সভাগৃহ উন্মোচন কৰাৰ লগতে প্ৰাকৃতিকভাৱে উপলব্ধ সামগ্ৰীৰে নিৰ্মাণ কৰা মূল মঞ্চ আৰু প্ৰয়াত ধীৰেন্দ্ৰ নাথ সৰকাৰ সোঁৱৰণী প্ৰদৰ্শনী আৰু বাণিজ্য মেলাৰ দ্বাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে ক্ৰমে মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ লীলাকান্ত বৰঠাকুৰ আৰু মায়ঙৰ বিশিষ্ট সমাজকৰ্মী দিলীপ সৰকাৰে। সন্ধিয়া দৰং জিলাৰ ছিপাঝাৰৰ পূব লোক্ৰাই যুৱক মিলন খুলীয়া ভাউৰীয়া দলে পৰিৱেশন কৰা দৰঙীয়া ভাওনা আৰু স্থানীয় শিল্পীৰ সংগীতানুষ্ঠানেৰে প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like