সাত দিনৰ ভিতৰত দেশত কাৰ্যকৰী হব CAA : কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (CAA) সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে ডাঙৰ দাবী কৰিছে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত দেশত CAA কাৰ্যকৰী হ’ব। পশ্চিমবংগৰ দক্ষিণ ২৪ পৰগনাৰ কাকদ্বীপত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত তেওঁ এই কথা কয়। তেওঁ কয়- মই মঞ্চৰ পৰাই নিশ্চয়তা দিছো যে অহা ৭ দিনত এই আইন কেৱল বংগতে নহয় সমগ্ৰ দেশতে কাৰ্যকৰী হ’ব। CAA সন্দৰ্ভত শান্তনু ঠাকুৰে যোৱা বছৰৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া ভাষণৰ কথাও উল্লেখ কৰে য’ত অমিত শ্বাহে নাগৰিকত্ব সংশোধনী আইনক ‘দেশৰ আইন’ বুলি অভিহিত কৰিছিল আৰু ইয়াৰ কাৰ্যকৰীকৰণ কোনেও ৰোধ কৰিব নোৱাৰে বুলিও কয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও CAA সন্দৰ্ভত মানুহক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে এই আইনখন আনিছিল। CAA আইন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা নিৰ্যাতিত অমুছলমান (হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান)ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব। এই আইনখন ২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদে গৃহীত কৰিছিল। সংসদত গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ ওচৰলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয়। কিন্তু ইয়াৰ পিছত দেশৰ বিভিন্ন ৰাজ্যত আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ আৰম্ভ হয় আৰু দিল্লীতো কেইবামাহো ধৰি প্ৰতিবাদ সাব্যস্ত কৰা হয়। বংগত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত টিএমচি চৰকাৰে ২০২০ চনত CAAৰ বিৰুদ্ধে এটা প্ৰস্তাৱ গৃহীত কৰিছিল। এনে প্ৰস্তাৱ অনা চতুৰ্থখন ৰাজ্য হৈ পৰিল পশ্চিমবংগ। মমতা বেনাৰ্জীয়ে তেতিয়া ঘোষণা কৰিছিল যে, “আমি বংগত CAA, NPR আৰু NRC কাৰ্যকৰী হ’বলৈ নিদিওঁ।”