বিজেপিক বাদ দি কোনেও বিটিচি দখল কৰিব নোৱাৰে
তামুলপুৰত উদাত্ত ভাষণেৰে নির্বাচনী ৰণডংকা ৰেখাৰাণী দাস বড়োৰ
নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ বিজেপিক বাদ দি মিত্রজোঁটৰ কোনো দলেই বিটিচি দখল কৰিব নোৱাৰে৷ বিজেপিয়ে যিদৰে মিত্রতাৰ ধর্ম পালন কৰিছে, সেইদৰে অসম গণ পৰিষদ আৰু বিপিএফ দলেও মিত্রতাৰ ধর্ম পালন কৰিব লাগিব৷ –এই ভাষ্য বিজেপি দলৰ নেত্রী তথা অসম চৰকাৰৰ প্রাক্তন মন্ত্রী ৰেখাৰাণী দাস বড়োৰ৷ তামুলপুৰ মহকুমা সদৰৰ হৰি মন্দিৰ প্রাংগণত দেওূাৰে অনুষ্ঠিত বিজেপি দলৰ এখন সাংগঠনিক সভাত অংশগ্রহণ কৰি ৰেখাৰাণী দাস বড়োৱে এইদৰে কয়৷ গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত গয়বাৰী আৰু বৰঘুলি মণ্ডল বিজেপিৰ সাংগঠনিক সভাত অংশগ্রহণ কৰি ৰেখাৰাণী দাস বড়োৱে উদাত্ত কণ্ঠে কয় যে নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সকলো জাতি–জনগোষ্ঠীৰ বিকাশৰ অর্থে কাম কৰি আহিছে৷ কোনো ধর্ম–বর্ণৰ বিকাশ নহ’লে দেশৰ বিকাশ সম্ভৱ নহয় বুলি মন্তব্য কৰি দাস বডোৱে কয় যে বিজেপি দলে ভাৰতবর্ষৰ সকলো জাতি–ধর্ম–বর্ণৰ বিকাশৰ বাবে কাম কৰি আহিছে৷ বিজেপিৰ শাসন কালত ১০০ শতাংশ নহ’লেও দুর্নীতি–ভ্রষ্টাচাৰ যথেষ্ট পৰিমাণে নির্মূল হৈছে আৰু চৰকাৰী বিষয়া–কর্মচাৰীসক দুর্নীতি কৰিবলৈ শংকিত হৈ আহিছে আৰু পর্যায়ক্রমে দুর্নীতি নিঃশেষ হ’বলৈ গৈ আছে৷ বিজেপি দল ৰাইজৰ দল৷ বিজেপি দলে নিজৰ আদর্শ আগত ৰাখি ৰাইজক অন্তর্ভুক্ত কৰাৰ বাবে আগবাঢ়ি আহিছে৷ বিটিচিৰ ৰাইজে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ হ’লে অসমৰ লগতে বিটিচি অঞ্চলত ৰাইজে বিজেপিৰ হাত শক্তিশালী কৰিব লাগিব বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে৷ ৰেখাৰাণী দাস বড়োৱে কংগ্রেছ দলক কঠোৰ সমালোচনা কৰি কয় যে কংগ্রেছ দলে বিগত সময়ছোৱাত পৰিয়ালতান্ত্রিক ৰাজনীতি কৰি আহিছে৷ ভাৰত তথা অসম পিছপৰি থকাৰ একমাত্র কাৰণ হৈছে কংগ্রেছ দলৰ শাসন৷ সেয়ে বর্তমান কংগ্রেছ দল নিঃচিহ্ণ হোৱাৰ পথত৷ কংগ্রেছৰ শাসন কালত অসম আন্দোলনত ৮৫৫গৰাকীকৈ লোক শ্বহীদ হৈছে, অজস্র চকুপানী বৈছে, অজস্র মহিলাৰ কপালৰ ৰঙা সেন্দূৰৰ ফোঁট মচা গৈছে৷ সেয়ে কংগ্রেছ দল অভিশপ্ত হৈ থাকিব৷ কেতিয়াও এই অভিশপ্ততাৰ পৰা কংগ্রেছ মুক্ত হ’ব নোৱাৰে৷ সভাত আদৰণী ভাষণ ৰাখি বাগসা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বডোৱে কয় যে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস মূলমন্ত্র হিচাপে লৈ বিজেপি দলে কাম কৰি আহিছে৷ তেওঁ কয় যে বিজেপিয়ে সূতা–কম্বলৰ ৰাজনীতি কৰা নাই৷ বিজেপিয়ে ৰাজনীতি কৰিছে দেশৰ প্রগতিৰ বাবে, দেশৰ বিকাশৰ বাবে৷ বিজেপি যেতিয়ালৈ শাসনত থাকিব, তেতিয়ালৈ দেশ সুৰক্ষিত হৈ থাকিব৷ বিজেপি অবিহনে কোনো দলেই বিটিচি পৰিষদ দখল কৰিব নোৱাৰে বুলি মন্তব্য কৰি ৰাজেশ বডোৱে পুনৰ কয় যে বিজেপিয়ে সমাগত বিটিচি পৰিষদীয় নির্বাচনত সক্রিয়ভাৱে অংশগ্রহণ কৰিব৷ সভাত অংশগ্রহণ কৰি বিজেপিৰ যুৱ মর্চাৰ সম্পাদক ভিক্টৰ কুমাৰ দাসে কয় যে আগন্তুক বিটিচি নির্বাচনত বিজেপি দলে সকলো শক্তি প্রয়োগ কৰি অৱতীর্ণ হ’ব৷ কিন্তু এই শক্তি সমাহিত হৈ আছে ৰাইজৰ লগত৷ ৰাইজৰ সঁহাৰি, ঐকান্তিক সহযোগিতা নাথাকিলে দলৰ সপোন সার্থক নহ’ব৷ বিটিচিৰ শাসনভাৰ লোৱা মানে ক্ষমতা বিচৰা নহয় বুলি মন্তব্য কৰি যুৱ নেতা ভিক্টৰ কুমাৰ দাসে কয় যে বিজেপি দলে বিটিচিৰ শাসনভাৰ বিচৰাৰ উদ্দেশ্য হৈছে ন্যায্যপ্রাপ্তিৰ পৰা বঞ্চিতসকলক ন্যায় প্রদান কৰা৷ ভয়, শংকা, ভোকমুক্ত এখন সমাজ গঢ়া৷ বিজেপি নেতা ৰূপজ্যোতি স্বর্গীয়াৰীয়ে আঁত ধৰা সভাখনত বিজেপিৰ ৰাজ্যিক নেতা মুকুতা ডেকাই বিজেপি দলৰ লক্ষ্য–উদ্দেশ্য আৰু দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে৷ তেওঁ কয় যে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত দেশৰ প্রগতি আৰু বিকাশৰ গতি অধিক ক্ষিপ্র হৈছে৷ সভাখনত বাগসা জিলা বিজেপিৰ উপ–সভাপতি দ্বিপেন কলিতা, ৰাম বাস্তলা, খনীন্দ্র নাথ, যামিনী স্বর্গীয়াৰী, এছ চি মর্চাৰ সভাপতি নগেন চন্দ্র দাস, কিষাণ মর্চাৰ সাধাৰণ সম্পাদক লহিন চন্দ্র ব্রহ্ম আদিকে ধৰি কেইবাগৰাকীও নেতা–কর্মী আৰু কেইবাশ লোক উপস্থিত থাকে৷