নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : ওদালগুৰি জিলাৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ ব্যক্তিগত খণ্ডৰ এক অন্যতম শিক্ষানুষ্ঠান খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশন আৰু বিদ্যালয় সপ্তাহৰ আজি সামৰণি পৰে। ২৭ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই বিদ্যালয় সপ্তাহ উপলক্ষে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ, চিত্ৰাংকণ, আকস্মিক বক্তৃতা, আবৃত্তি, জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত, আধুনিক গীত, আধুনিক নৃত্য, বিহু নৃত্য, ভেশ্চন আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি অন্তিম দিনা বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন মহলীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাংস্কৃতিক কৰ্মী পুৱা ৰাম ডেকাই। সভা উদ্বোধন কৰি ডেকাই বিদ্যায়তনিক দিশটোৰ লগতে সাহিত্য-সংস্কৃতি, খেল-ধেমালি ইত্যাদি সহপাঠ্যক্ৰমৰ দিশতো ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো অভিভাৱক সকলে গুৰুত্ব আৰোপ কৰিব লাগে বুলি মন্তব্য কৰে। বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক চিন্ময় জ্যোতি বড়োৱে। প্ৰণৱ শৰ্মাই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ সভাত ভাগ লৈ ওদালগুৰি জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ সভাপতি নন্দেশ্বৰ ঠাকুৰীয়াই কয় যে জাতীয় বিদ্যালয় সত্বাটোৱে মাতৃ ভাষা মাধ্যমত ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা দান কৰি জাতীয় দায়বদ্ধতা পালন কৰি আহিছে। শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন সফলতাৰে আগবঢ়াই নিবৰ বাবে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ লগতে অভিভাৱক সকলেও সচেতনতাৰে নিজৰ দায়িত্ব পালন কৰি যাব লাগিব বুলিও তেওঁ মন্তব্য কৰে। বিশিষ্ট সাংস্কৃতিক কৰ্মী ধৈৰ্যধৰ ডেকা ৰচিত আৰু সুৰাৰোপিত ” আহা আমি আগুৱাই যাও/খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ জয় গীত গাওঁ ” শীৰ্ষক বিদ্যালয় সংগীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত শিক্ষক তথা অভিভাৱক কমল ডেকা আৰু হেমন্ত দাসেও ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। সুৰসমলয়, গীত-মাত, নৃত্য, কথাৰে জীপাল হৈ পৰা এই অনুষ্ঠানত বিদ্যালয় খনৰ স্বত্বাধিকাৰী হিৰণ্য ৰাই বৰুৱা, পতিৰাম বড়ো, বিশিষ্ট সাংস্কৃতিক কৰ্মী ধৈৰ্যধৰ ডেকা সমন্বিতে শিক্ষক -শিক্ষয়িত্ৰী, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে। উল্লেখ্য ২০২৪-২৫ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা হিচাপে ধৰিত্ৰী দাস নিৰ্বাচিত হয় ।
প্ৰেৰক ধীৰেন মহলীয়া