নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছত্তিশগড়ত মাওবাদীৰে সংঘৰ্ষত শ্বহীদ চিৰাঙৰ লম্বোদৰ সিংহ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰী : দেশ মাতৃৰ সেৱাৰ হকে নিজৰ জীৱন আহুতি দি শ্বহীদ হ’ল চিৰাঙৰ লম্বোদৰ সিংহ। ছত্তিশগড়ত মাওবাদীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত চিৰাং জিলাৰ কাকৰাগাঁও ভাটিপাৰাৰ ৰে’ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তোলেন সিংহ আৰু প্ৰয়াত ভদ্ৰাৱতী সিংহৰ কনিষ্ঠ পুত্ৰ চিআৰপিএফ জোৱান লম্বোদৰ সিংহৰ মৃত্যু হয় ৷ সিংহৰ মৃত্যুৰ বাতৰিয়ে গাঁওখনত শোকৰ ছাঁ পেলায়। উল্লেখ্য যে কালি ছত্তিশগড়ৰ ৰায়পুৰৰ নিকটবৰ্ত্তী এক স্থানত মাওবাদীৰ সৈতে চি আৰ পি এফ বাহিনীৰ সংঘৰ্ষ হৈছিল ৷ উক্ত সংঘৰ্ষত বীৰ জোৱান লম্বোদৰ গুলিবিদ্ধ হয় ৷ পিছত লম্বোদৰ সিংহ আৰু অন্যান্য বীৰ জোৱানসকলক উদ্ধাৰ কৰি ৰায়পুৰস্থিত চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হয়। কালি নিশা প্ৰায় ৮ বজাত বিভাগীয় ভাবে পৰিয়ালক লম্বোদৰ সিংহ শ্বহীদ হোৱা বুলি জানিবলৈ দিয়ে। শ্বহীদ লম্বোদৰ সিংহই নিজ গাঁৱত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত পৰৱৰ্তী সময়ত বাসুগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি ২০১১ চনত চি আৰ পি এফত যোগদান কৰিছিল৷ দেশ মাতৃৰ সেৱাত জীৱন বলিদান দিয়া লম্বোদৰ সিংহই পত্নী সোণালী ৰায়, ছয় বছৰীয়া কন্যা ছাঁয়াবতী সিংহ, জ্যেষ্ঠ ভাতৃ, নবৌৰ লগতে বহু সংখ্যক গুণমুগ্ধক এৰি যায়। আজি পুৱাৰ ভাগত চিৰাং জিলা আৰক্ষী অধীক্ষক সমন্বিতে বহু বিশিষ্ট ব্যক্তি সকলে বীৰ ছহিদ জনৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে। কাইলৈ কাকৰাগাঁওস্থিত নিজঘৰত তেওঁৰ মৃতদেহ আহি পাব বুলি পৰিয়াল সূত্ৰে জানিবলৈ দিয়ে৷

প্ৰেৰক বিপুল কুমাৰ দাস

You might also like