🔹 প্রধানমন্ত্রীৰ ভ্রমণসূচীক লৈ ব্যাপক তৎপৰতা ৰাজ্যিক বিজেপিৰ
🔹 অসম ভ্রমণ কালত শিলান্যাস–দেশবাসীলৈ উছর্গা কৰিব ১১ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ প্রকল্প
ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ফেব্ৰুৱাৰী : লোকসভা নির্বাচনৰ ৰণডংকা বজাবলৈ দুদিনীয়া কার্যসূচীৰে অসমলৈ আহিব লগা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভ্রমণসূচীক লৈ চলিছে ব্যাপক প্রস্তুতি৷ কিছু খৰধৰকৈ ভ্রমণসূচী চূড়ান্ত কৰা হেতুকে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আদৰিবলৈ ৰাজ্যিক বিজেপিত সঘনে বহিছে বৈঠক৷ সমান্তৰালভাৱে ৰাজ্যৰ প্রশাসনতো প্রধানমন্ত্রীগৰাকীৰ আগমনক লৈ চলিছে ব্যাপক কুচকাৱাজ৷ ইতিমধ্যে মুখ্য সচিবৰ নেতৃত্বত গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছত অহা ৩ আৰু ৪ ফেব্রুৱাৰীৰ বাবে কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আন এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকতে মুখ্যমন্ত্রীগৰাকীয়ে প্রধানমন্ত্রী মোদীৰ কার্যসূচী সন্দর্ভত প্রতিগৰাকী মন্ত্রী–বিধায়ক, সাংসদক ভাগে ভাগে প্রদান কৰে বিশেষ দায়িত্ব৷ উল্লেখ্য যে নির্বাচনী বিকুল বজাবলৈ গুৱাহাটীত উপস্থিত হ’বলগীয়া প্রধানমন্ত্রীগৰাকীয়ে ৪ ফেব্রুৱাৰীৰ দিনা ১১ হাজাৰ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে বহুকেইটা প্রকল্পৰ শিলান্যাস আৰু দেশবাসীৰ প্রতি উছর্গা কৰিব৷ মুখ্যতঃ ইয়াৰ বাবে ৰাজ্য প্রশাসনে যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতি আৰম্ভ কৰাৰ বিপৰীতে লোকসভা নির্বাচনৰ প্রাক্ক্ষণত প্রধানমন্ত্রীগৰাকীৰ আগমনক লৈ উৎসাহিত হৈ পৰিছে ৰাজ্যিক বিজেপি৷ চাৰি ফেব্রুৱাৰীত খানাপাৰা খেলপথাৰত লক্ষাধিক লোকৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে আৰম্ভ কৰিছে প্রস্তুতি৷ পৰহি নিশাৰ ভাগলৈ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত কেইবাখনো বৈঠক অনুষ্ঠিত হোৱাৰ পিছত কালি পুনৰ প্রধানমন্ত্রী মোদীৰ ভ্রমণসূচীৰ কার্যসূচীক লৈ অনুষ্ঠিত হয় আন কেইবাখনো গুৰুত্বপূর্ণ বৈঠক৷ প্রধানমন্ত্রীগৰাকীৰ জৰিয়তে ৰাজ্যত নির্বাচনী ৰণডংকা বজাবলৈ তৎপৰ হৈ পৰা ৰাজ্যিক বিজেপিয়ে ইতিমধ্যে গুৱাহাটীৰ সমীপৰ জিলাসমূহৰ পৰা সর্বাধিক লোক খানাপাৰাৰ সমাৱেশলৈ অনাৰ নির্দেশনা জাৰি কৰিছে৷ সেয়াই নহয়, উজনিৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাটকে ধৰি প্রতিখন জিলাৰ পৰা অতিকমেও এহেজাৰকৈ লোক অনাৰ বাবে কেইবাজনো মন্ত্রী–বিধায়কক দায়িত্ব অর্পণ কৰা হৈছে৷ ইফালে, চাৰি ফেব্রুৱাৰীত প্রধানমন্ত্রীগৰাকীক খানাপাৰাৰ সমাৱেশস্থলীলৈ আদৰি অনাৰ বাবে বিজেপিৰ যুৱ মর্চাই এটা বিশাল ৰোডশ্ব’ৰ আয়োজন কৰিছে৷ প্রায় ২ হাজাৰখন বাইকেৰে যুৱ মর্চাৰ সদস্যসকলে প্রধানমন্ত্রীগৰাকীক আদৰি আনিব৷ ইয়াৰ পূর্বে ৩ ফেব্রুৱাৰীত মহিলা মর্চা আৰু যুৱ মর্চাৰ সদস্যসকলে খানাপাৰাৰ সমাৱেশস্থলীত এক লাখ বন্তি প্রজ্বলন কৰিব৷ ৰাজ্যিক বিজেপিৰ সূত্রই প্রকাশ কৰা অনুসৰি, প্রধানমন্ত্রী মোদীয়ে প্রায় ১১ হাজাৰ কোটি টকা প্রকল্পৰ আধাৰশিলা স্থাপন–উদ্বোধন কৰিব যদিও প্রধানমন্ত্রীগৰাকীৰ এই সমাৱেশেৰে আৰম্ভ হ’ব ৰাজ্যৰ নির্বাচনী কুচকাৱাজ৷ সেয়েহে এই বিশাল সমাৱেশখন সকলো দিশৰ পৰা সফল কৰি তোলাৰ বাবে কোনোধৰণৰ ত্রুটি ৰখা নহ’ব৷ মন কৰিবলগীয়া যে ৩ ফেব্রুৱাৰীৰ সন্ধিয়া গুৱাহাটীত উপস্থিত হ’বলগীয়া প্রধানমন্ত্রীগৰাকীয়ে মুখ্যতঃ কি কি প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব, সেয়া ৰাজ্য চৰকাৰে স্পষ্ট কৰা নাই যদিও প্রধানমন্ত্রীগৰাকীয়ে ৪ ফেব্রুৱাৰীত মুকলি কৰিব পাৰে আলাবৈ ৰণৰ স্মৃতিত নির্মাণ কৰা উদ্যানৰ লগতে বহুকেইখন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়ে যোৰহাটত নির্মাণ কৰি উলিওৱা বীৰ লাচিতৰ সুবিশাল প্রতিমূর্তি ভার্চুৱেলী উন্মোচন কৰাৰো সম্ভাৱনা আছে৷ কার্যতঃ ৪ ফেব্রুৱাৰীত প্রধানমন্ত্রী মোদীৰ গণ সমাৱেশেৰে ৰাজ্যিক বিজেপিয়ে লোকসভা নির্বাচনৰ ৰণশিঙা বজাবলৈ একপ্রকাৰ সাজু হৈছে৷
উন্নয়নৰ বতৰা লৈ পুনৰ অসমলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী
বিজেপিৰ নেতৃত্বত এনডিএ চৰকাৰ গঠনৰ পিছতেই পূর্বৰ কংগ্রেছৰ দিনত এলাগী হৈ থকা উত্তৰ–পূবলৈ প্রধানমন্ত্রীকে ধৰি কেইবাজনো কেন্দ্রীয় মন্ত্রীয়ে উন্নয়নৰ বতৰা লৈ সঘনাই অহা পৰিলক্ষিত হৈছে৷ পুনৰ উন্নয়নৰ বতৰা লৈ অসমত উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রীগৰাকীৰ আগমনক লৈ কালি এই কথা সদৰী কৰিলে ৰাজ্যিক বিজেপিয়ে৷ দলৰ মুখপাত্র কিশোৰ উপাধ্যায়ে এই সন্দর্ভত এটা প্রেছ বিবৃতিত উল্লেখ কৰে যে প্রধানমন্ত্রী মোদীৰ উত্তৰ–পূবৰ প্রতি থকা সদিচ্ছাৰ বাবে অসমে আজি ১১২০ কোটি টকা ব্যয়সাপেক্ষে প্রথমখন এইমছ লাভ কৰিছে৷ মেঘালয়ে প্রথমবাৰৰ বাবে বৈদ্যুতিক ৰে’ল লাভ কৰিছে৷ ১৯৬৩ৰ পিছত নাগালেণ্ডত প্রথমখন চিকিৎসা মহাবিদ্যালয় লাভ, বন্দে ভাৰত এক্সপ্রেছৰ জৰিয়তে গুৱাহাটী আৰু পশ্চিমবংগক সংযোগ, ১৯৮৫৫ কোটি টকা ব্যয়েৰে উত্তৰ–পূবৰ প্রতিখন ৰাজ্যক সংযোগ কৰিবলৈ নতুন ৰে’লপথ আৰু পূর্বৰ ৰে’লপথসমূহক দ্বৈতকৰণ কৰা হৈছে৷ অসমৰ ৩২টা ৰে’ল ষ্টেচনকে ধৰি উত্তৰ–পূবৰ ৩৫টা ৰে’লৱে ষ্টেচনক অমৃত ভাৰত আঁচনিৰ অধীনত বিশ্বমানৰ কৰি তোলা হৈছে৷ সেয়াই নহয়, বিজেপি চৰকাৰৰ দিনতেই নগা অধ্যুষিত এলেকাত শান্তি স্থাপন কৰাৰ লগতে ত্রিপুৰাৰ এন এল এফ টিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰা, কার্বি আংলং–ডিমা হাছাও জিলাৰ উগ্রপন্থী সংগঠনৰ লগত আলোচনা কৰি সন্ত্রাসবাদ নির্মূল কৰা, বিটিআৰ চুক্তিৰ জৰিয়তে বড়োভূমিত স্থায়ী শান্তি স্থাপনকে ধৰি আইন–শৃংখলাজনিত পৰিস্থিতিও উন্নত হৈছে৷